যোৰহাটৰ জ্যেষ্ঠ ঔষধ পৰিদৰ্শক হৰেন্দ্ৰ নাথ শৰ্মাৰ বিদায়ী সম্বৰ্ধনা...
যোৰহাটৰ জ্যেষ্ঠ ঔষধ পৰিদৰ্শক হৰেন্দ্ৰ নাথ শৰ্মাৰ বিদায়ী সম্বৰ্ধনা... 
যোৰহাট

যোৰহাটৰ জ্যেষ্ঠ ঔষধ পৰিদৰ্শক হৰেন্দ্ৰ নাথ শৰ্মাৰ বিদায়ী সম্বৰ্ধনা...

Asomiya Pratidin

ডিজিটেল সংবাদ দেৰগাঁও: ঔষধ তথা ইয়াৰ লগত জড়িত ব্যৱসায়ীসকলৰ সকলো দিশ সঠিক ৰূপত চোৱা-চিতা কৰি জনসাধাৰণৰ বাবে গুণগত ঔষধ বিতৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা যোৰহাট জিলাৰ জ্যেষ্ঠ ঔষধ পৰিদৰ্শক হৰেন্দ্ৰ নাথ শৰ্মাই কৰ্ম জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাত আজি তেখেতক আনুষ্ঠানিকভাৱে বিদায়ী সম্বৰ্ধনা জনোৱা হয় ।

তদুপলক্ষে গোলাঘাট জিলাৰ মহেশ্বৰী ভৱনত অনুষ্ঠিত হোৱা বিদায়ী সম্বৰ্ধনা সভাত গোলাঘাট জিলাৰ লগতে দেৰগাঁও ,মেৰাপানী ,সৰুপথাৰ, বোকাখাট আঞ্চলিক সমিতিৰ হৈয় সম্বৰ্ধনা পত্ৰ,শৰাই, সফুৰাসহ বিদায়ী সম্বৰ্ধনা জনোৱা হয়।

এই সভাতে গোলাঘাট জিলাৰ ঔষধ পৰিদৰ্শিকা জাহ্নু বৰা, গোলাঘাট জিলাৰ ঔষধ ব্যৱসায়ী সন্থাৰ সভাপতি মুক্তাৰ আলি, সম্পাদক দীপজ্যোতি শৰ্মাসহ বহু কেইজন লোক উপস্থিত থাকি তেখেতৰ সৰলতাক সকলোৱে সলাগ লয় ।