সঁচাই ব্যতিক্ৰম ৰূপজ্যোতি কুৰ্মী ! ভগাই খালে ১০০ কেজি ওজনৰ লাড়ু...
সঁচাই ব্যতিক্ৰম ৰূপজ্যোতি কুৰ্মী ! ভগাই খালে ১০০ কেজি ওজনৰ লাড়ু... 
যোৰহাট

সঁচাই ব্যতিক্ৰম ৰূপজ্যোতি কুৰ্মী ! ভগাই খালে ১০০ কেজি ওজনৰ লাড়ু...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিতৰ্কিত কথা আৰু কামেৰে চৰ্চাৰ শীৰ্ষত থকা মৰিয়নি সমষ্টিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি সমষ্টিবাসীক খোৱালে লাড়ু। বিধায়ক কুৰ্মীয়ে সমষ্টিবাসীক যিটো লাড়ু খোৱালে সেই লাড়ুটোৱেও এক প্ৰকাৰে গঢ়িলে ৰেকৰ্ড।

কিয়নো বিধায়ক কুৰ্মীয়ে সমষ্টিবাসীক খোওৱা লাড়ুটো এলাপেছা লাড়ু নহয়। একেবাৰে ১০০ কেজি ওজনৰ লাড়ু। বিধায়কগৰাকীয়ে নিজা সমষ্টিৰ চেলেংহাটত দলীয় কৰ্মী আৰু সতীৰ্থৰ লগতে স্থানীয় ৰাইজৰ মাজত ভগাই খালে এই ১০০ কেটি ওজনৰ লাড়ু।

পিছে এনে কি কাৰণত বিধায়ক কুৰ্মীয়ে এই ১০০ কেজি লাড়ুটোৰ ব্যৱস্থা কৰিলে সেই বিষয়ে জানিবলৈ বাৰু আপোনাৰো মন যোৱা নাইনে? কেইদিনমানৰ পূৰ্বলৈকে কংগ্ৰেছৰ বিধায়ক হৈ থকাৰ সময়ত প্ৰধানমন্ত্ৰী মোডীক সমালোচনাৰে থকাসৰকা কৰা কুৰ্মীয়ে আজি প্ৰধানমন্ত্ৰী মোডীৰ মন কী বাত অনুষ্ঠানৰ ১০০ টা খণ্ড সম্পূৰ্ণ হোৱাৰ বাবেই এইদৰে ১০০ কেজি ওজনৰ লাড়ু ভগাই খালে।

এই সন্দৰ্ভত তেওঁ নিজৰ ফেচবুক পেজত লিখিছে এইদৰে- আজি আমাৰ মৰিয়নী বিধান সভা সমষ্টিৰ অন্তৰ্গত ভেলেউগুৰি কালিয়া গাওঁ প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত, বুথ নং ৭৬ আৰু ৭৭ৰ কাৰ্যকৰ্তা সকলৰ সৈতে আধুনিক ভাৰতৰ অন্যতম নির্মাতা, দেশৰ মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী Narendra Modi ডাঙৰীয়াৰ অতি জনপ্রিয় অনুষ্ঠান "মন কী বাত" অনুষ্ঠানৰ গৌৰৱপূৰ্ণ ১০০ সংখ্যক খণ্ডটি একেলগে শ্রবণ কৰোঁ ।

মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াই ইতিবাচক আৰু প্ৰগতিশীল বিষয়ৰ অনন্য উপস্থাপনৰে এই অনুষ্ঠানটিৰ জৰিয়তে সদায়েই দেশবাসীক অনুপ্ৰাণিত কৰি আহিছে আৰু আজিৰ এই খণ্ডটিৰ জৰিয়তেও আমাৰ সদৌটিকে উদ্বুদ্ধ কৰিলে।

উল্লেখ্য যে, এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰতি সন্মান জনাই এটা ১০০ কেজি ওজনৰ বুন্দিয়া লাডু কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজৰ মাজত বিতৰণ কৰোঁ।