মহিলাসহ শিশুক বাহনৰ খুন্দাঃ পীযুষ হাজৰিকাৰ তৎপৰতা, চিকিৎসা ব্যয় বহন...
মহিলাসহ শিশুক বাহনৰ খুন্দাঃ পীযুষ হাজৰিকাৰ তৎপৰতা, চিকিৎসা ব্যয় বহন... 
যোৰহাট

মহিলাসহ শিশুক বাহনৰ খুন্দাঃ পীযুষ হাজৰিকাৰ তৎপৰতা, চিকিৎসা ব্যয় বহন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ যোৰহাটত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। যোৰহাটৰ বাইপাছত সংঘটিত হৈছে এই দুৰ্ঘটনা।

এই পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হৈছে সন্তানসহ এগৰাকী মহিলা। আহত মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।

আহত মহিলা আৰু শিশুটিত চিকিৎসালয়ত ভৰ্তি কৰাইছে মন্ত্ৰী পীযুষ হাজৰিকাই। জানিব পৰা মতে মন্ত্ৰী পীযুষ হাজৰিকাই মহিলা আৰু শিশুটিৰ সকলো চিকিৎসাৰ ব্যয় বহন কৰিব।

উল্লেখ্য যে, মন্ত্ৰী পীযুষ হাজৰিকা পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল। তেনে সময়তে এখন বাহনে পথ পাৰ হোৱাৰ সময়তে শিশুসহ মহিলাগৰাকীক খুন্দা মাৰে।