তিতাবৰত প্ৰতিকূল বতৰক নেওচি প্ৰিয়ংকা গান্ধীৰ বিশাল ৰোড শ্ব'
তিতাবৰত প্ৰতিকূল বতৰক নেওচি প্ৰিয়ংকা গান্ধীৰ বিশাল ৰোড শ্ব' 
যোৰহাট

তিতাবৰত প্ৰতিকূল বতৰক নেওচি প্ৰিয়ংকা গান্ধীৰ বিশাল ৰোড শ্ব'

Asomiya Pratidin

ডিজিটেল সংবাদ বেকাজানঃ প্ৰতিকূল বতৰক নেওচি সোমবাৰে তিতাবৰত বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে।জয়পুৰৰ পৰা বিশেষ বিমান যোগে ১২ বজাত যোৰহাট ৰৰৈয়া বিমানবন্দৰত উপস্থিত হোৱা পিছতে প্ৰিয়ংকা গান্ধীক বিহু নৃত্যৰে উষ্ম আদৰণি জনায় অসম কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু নিৰ্বাচনী প্ৰাৰ্থী গৌৰৱ গগৈয়ে। ইয়াৰ পিছত তেওঁ পোনে পোনে তিতাবৰলৈ ৰাওনা হয়। তিতাবৰত উপস্থিত হৈ হাজাৰ হাজাৰ ৰাইজৰ সৈতে তিতাবৰ চাৰিআলিৰ পৰা ষ্টেচন তিনি আলিলৈ বিশাল ৰোড শ্ব'ত অংশ লয়। তেওঁক সংগ দিয়ে হৈ ভূপেন বৰা, দেৱব্ৰত শইকীয়া আৰু গৌৰৱ গগৈয়ে। ৰোড শ্ব'ৰ প্ৰাকমূহুৰ্তত গৌৰৱ গগৈয়ে অসমবাসীৰ হৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক ৫ টা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আহ্বান জনায়।

গৌৰৱ গগৈয়ে কয় যে, বৰ্তমান চৰকাৰে জাতিধবংসী যি নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিছে সেয়া কংগ্ৰেছ দল শাসনলৈ আহিলে প্ৰথমেই বাতিল কৰা হ'ব। এয়া প্ৰিয়ংকা গান্ধীৰ প্ৰতি অসমবাসীৰ দাবী। দ্বিতীয়তে চাহ শ্ৰমিকসকলৰ যি দৈনিক মজুৰি সেয়া বৃদ্ধি কৰিব লাগিব। তাৰ বাবে সঠিকভাৱে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। তৃতীয়তে বৰ্তমান যি মূল্য বৃদ্ধি হৈছে সেয়া কংগ্ৰেছে গৃহ লক্ষ্মী আঁচনিৰ জৰিয়তে কংগ্ৰেছ দলৰ চৰকাৰ আহিলে নিয়ন্ত্ৰণ কৰিব লাগিব। ইয়াৰোপৰি অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত সঠিক পদক্ষেপ গ্ৰহণ কৰিব লাগিব।

ইয়াৰ লগতে গৌৰৱ গগৈয়ে ভাষণ প্ৰসংগত কয় যে,আজি বতৰ প্ৰতিকূল আছিল যদিও প্ৰিয়ংকা গান্ধী তিতাবৰত উপস্থিত হোৱা পাছতে ৰদ ওলাই। গতিকে এইবাৰ কংগ্ৰেছ জয়ী হ'ব বুলি প্ৰকৃতিয়ে ইংগিত দিছে। ইয়াৰ পিছতে প্ৰিয়ংকা গান্ধীয়ে তিতাবৰৰ জনতাক উদ্দেশ্যি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে লগতে গৌৰৱ গগৈ সন্দৰ্ভত বহু মন্তব্য কৰে। তেওঁ কয় যে,গৌৰৱ গগৈয়ে ৰাইজৰ সমস্যা আৰু বিষয়বোৰ সংসদত বলিষ্ঠ কণ্ঠৰে উত্থাপন কৰি আহিছে। তেওঁক যদি সাংসদ হিচাপে প্ৰেৰণ কৰিব পাৰে তেন্তে পৰৱৰ্তী সময়টো সমস্যাসমূহ উত্থাপন কৰিব। লগতে কয় যে,বৰ্তমানৰ যিসকল ভাজপা নেতা আহিছে তেওঁলোকে যিহকে তিহকে কয় কিন্তু গৌৰৱ গগৈয়ে আপোনালোকৰ গুৰুত্বপূৰ্ণ পাঁচটা সমস্যাৰ কথা আজি উত্থাপন কৰিছে।

প্ৰিয়ংকা গান্ধীয়ে প্ৰতিশ্ৰুতি দিয়ে যে কংগ্ৰেছৰ চৰকাৰ আহিলে অসমৰ ছয় জনগোষ্ঠীৰ যি জনজাতিকৰণৰ দাবী সেয়া পূৰণ কৰিব। দ্বিতীয়তে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ক্ষেত্ৰত যি দাবী আছে সেয়া বৃদ্ধি কৰিব।বিগত সময়ত নিৰ্বাচনত অসমলৈ আহোতে চাহ শ্ৰমিক মহিলাসকলৰ সৈতে আলোচনাত মিলিত হৈছিল। কিন্তু চৰকাৰ পৰিবৰ্তনৰ পিছটো চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হোৱা নাই সেয়ে কংগ্ৰেছৰ নিৰ্বাচনী ঘোষণা পত্ৰত শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। "আমি কৰ্ণাটক আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনত যি প্ৰতিশ্ৰুতি দিছিলো সেয়া ইতিমধ্যে পূৰণ কৰিছো গতিকে অসমৰ ৰাইজে কংগ্ৰেছ আৰু গৌৰৱ গগৈক ভোটদান কৰিবলৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আহ্বান জনায় ।