ফটো সংগ্ৰহ
ফটো সংগ্ৰহ 
যোৰহাট

তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ে লাভ কৰিলে NACC ৰ A+ গ্ৰেড

Asomiya Pratidin

ডিজিটেল সংবাদ, যোৰহাটঃ তিতাবৰৰ একমাত্ৰ উচ্চশিক্ষাৰ অনুষ্ঠান তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদৰ 'এ প্লাছ' লাভ কৰাত উৎফুল্লিত সমগ্ৰ তিতাবৰবাসী ।

এই আপাহতে বৃহস্পতিবাৰে মহাবিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰীবৃন্দক উষ্ম অভিনন্দন জ্ঞাপন কৰে তিতাবৰ বিধানসভা সমষ্টি উন্নয়ন সমিতিয়ে।

সমিতিৰ সভাপতি ড° গুণাৰাম নাথৰ নেতৃত্বত মহাবিদ্যালয়ত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ, মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন বিষয়ববীয়া সকল উপস্থিত থাকি মহাবিদ্যালয়খনে লাভ কৰা সফলতাক ভূয়সী প্ৰশংসা কৰে।

NACC A+ grade