যোৰহাট

যোৰহাট কাণ্ডকলৈ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সংবাদমেল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শিক্ষানগৰী যোৰহাটত সংঘটিত হোৱা এক ঘটনাই সমগ্ৰ ৰাজ্যবাসীৰ চকু কপালত তুলিছে । শেহতীয়াকৈ এগৰাকী ছাত্ৰীয়ে বিভিন্ন জনেৰে অশ্লীল ছবি নিৰ্মাণ কৰি নিষিদ্ধ ৱেবছাইটত আপলোড কৰি ধন উপাৰ্জনৰ জাল পতা কাণ্ডই সকলোকে হতবাক কৰি তুলিছে ।

এই ঘটনা পোহৰলৈ আহিছে ৭২ বছৰীয়া এগৰাকী বৃদ্ধৰ আত্মহত্যাৰ পিছতেই । ইতিমধ্যেই আৰক্ষীয়ে ঘটনাৰে জড়িত অভিযুক্ত ছাত্ৰীগৰাকীৰ লগতে দুজনকৈ যুৱকক গ্ৰেপ্তাৰ কৰিছে । ঘটনা সন্দৰ্ভত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে দেওবাৰে সংবাদমেল অনুষ্ঠিত কৰে ।

সংবাদ মেলত আৰক্ষী অধীক্ষকে অশ্লীল ভিডিঅ’ প্রস্তুত কৰা চক্রটোৰ সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছে । অভিযুক্ত যুৱতীগৰাকীৰ সৈতে দুয়োজন যুৱকৰ আছিল সম্পৰ্ক । আৰু তেওঁলোকে স্বইচ্ছাই প্ৰস্তুত কৰিছিল ভিডিঅ’ ।‘যুৱতীগৰাকী আৰু অভিষেক কাশ্যপ নামৰ যুৱকজনক বৰ্তমানেও সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

প্ৰাথমিক তদন্তত আৰক্ষীৰ আগত অভিযুক্তই স্বীকাৰ কৰিছে যে মনোৰঞ্জনৰ বাবেহে প্ৰস্তুত কৰিছিল ভিডিঅ’ । অভিযুক্ত ছাত্ৰীগৰাকী আৰু অভিষেক কাশ্যপ নামৰ যুৱকজন ৩ দিনৰ আৰক্ষী জিম্মাত আছে । দুয়োগৰাকী’

এই ঘটনাৰে হানীট্রেপিং অথবা ব্লেকমেইলিঙৰ কোনো সম্পৰ্ক নাই বুলিও আজিৰ সংবাদমেলত প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

উল্লেখ্য যে মেধাবী ছাত্ৰী এনে ঘটনাৰে জড়িত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতেই সচেতন মহল চিন্তিত হৈ পৰিছে । স্থানীয় ৰাইজে এই ঘটনাৰে জড়িত সকলো লোকক পোলিয়ে পুখাই উৎখাত কৰাবলৈ আৰক্ষীক আহ্বান জনাইছে । নহ’লে অনাগত দিনত ভৱিষ্যত প্ৰজন্ম বিনষ্ট হৈ পৰাৰ শংকা প্ৰকাশ কৰিছে ।