যোৰহাট জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত ডায়েট সপ্তাহ উদযাপন...
যোৰহাট জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত ডায়েট সপ্তাহ উদযাপন... 
যোৰহাট

যোৰহাট জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত ডায়েট সপ্তাহ উদযাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ বেকাজানঃ যোৰহাট জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত তিতাবৰত মঙ্গলবাৰৰ পৰা আৰম্ভ হয় ডায়েট সপ্তাহ । ৭ ফেব্ৰুৱাৰীৰপৰা ১১ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়াকৈ চলিব এই ডায়েট সপ্তাহ ।

প্ৰতি বছৰৰ দৰে এইবাৰো সকলো প্ৰশিক্ষাৰ্থীক একেলগ কৰি যোগশিক্ষাৰ লগতে সকলো ধৰণৰ শাৰিৰীক শিক্ষাক সামৰি ডায়েট প্ৰশিক্ষাৰ্থীৰ মাজত প্ৰতিযোগিতা আয়োজন কৰা হৈছে ।

ডায়েট সপ্তাহৰ প্ৰথম কাৰ্যসূচীত তিতাবৰৰ নৱনিযুক্ত মহকুমাধিপতি ৰাহুল কুমাৰ গুপ্তা ,সহকাৰী আয়ুক্ত ৰাজা বৈশ্য আৰু গোলাঘাট জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ মনোজ কোঁৱৰ উপস্থিত থাকে । এই ডায়েট সপ্তাহত প্ৰায় ডেৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে ৰছী টনা, ডিচকাছ থ্ৰ'কে ধৰি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।