যোৰহাট

যোৰহাট বৰভেটা মাজ গাঁৱত 'জী-জোঁৱাই সন্মিলন'

Asomiya Pratidin

ডিজিটেল সংবাদ, যোৰহাটঃ এখন গাঁৱৰপৰা এগৰাকী জীয়ৰী বিয়া হৈ স্বামী গৃহলৈ গুচি যোৱাৰ পাছত গাঁওখনৰ যিসকল বন্ধু-বান্ধৱী, অভিভাৱকৰ লগত শৈশৱ-কৈশোৰ-যৌৱনৰ সময় অতিবাহিত কৰিছিল, ৰং-ধেমালি কৰিছিল, জীৱনৰ দীক্ষা গ্ৰহণ কৰিছিল তেওঁলোকক পৰৱৰ্তী সময়ত একেলগে লগ পোৱাতো স্বাভাৱিকতে সম্ভৱ হৈ নুঠে। সময়ৰ তাগিদাত সকলোৱেই সোমাই পৰে নিজৰ ব্যস্ততাৰ বৃত্তত।

যদি বছৰৰ এটা নিৰ্দিষ্ট দিনত সকলোকে লগ পোৱাৰ ব্যৱস্থা কৰি দিয়া হয়, তেতিয়া হ'লে সেয়া হৈ পৰিব মধুৰ সোঁৱৰণীৰ এক বিশেষ প্ৰেক্ষাপট। সকলো হৈ পৰিব নষ্টালজিক। যোৰহাটৰ চিনামৰাৰ বৰভেটা মাজ গাঁৱৰ লোকসেৱা সমিতি আৰু প্ৰগতি পুথিভঁৰালে তেনে এটা কামেই হাতত লৈছে। বৰভেটা মাজ গাঁৱৰ বিবাহিত জী আৰু জোঁৱাইসকলক সাম্প্ৰতিক সময়ৰ গাঁওখনৰ লগত পৰিচয় কৰি দিয়া, গাঁৱৰ ব্যক্তিসকলৰ লগত মিলন সেঁতু গঢ়া, গাঁৱৰ চাৰিসীমা অৱগত কৰোৱা, গাঁৱৰ সকলো জী-জোঁৱাইৰ মাজত সমন্বয় গঢ়ি তোলাৰ মানসেৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে ২৭ জানুৱাৰীত 'ভোগালীৰ এদিন' শীৰ্ষকেৰে 'জী-জোঁৱাই সন্মিলন'ৰ আয়োজন কৰিছে।

গাঁওখনৰ প্ৰগতি পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিতব্য সন্মিলন উপলক্ষ্যে পুৱা ৯ বজাৰপৰা নিশা ১০ বজালৈকে 'আমাৰ শুৱনি গাঁও পৰিচয়' শীৰ্ষক ভ্ৰমণ, প্ৰীতিভোজ, অন্তৰংগ আলাপ, সাংস্কৃতিক সন্ধিয়া ইত্যাদি কাৰ্যসূচী ৰূপায়িত হ'ব। ব্যতিক্ৰমী অনুষ্ঠানটোত গাঁওখনৰ সকলো জী-জোঁৱাইকে উপস্থিত থাকিবৰ বাবে লোকসেৱা সমিতিৰ সভাপতি বিপল কৃষ্ণ পাচনী, সম্পাদক বিপিন বৰা আৰু প্ৰগতি পুথিভঁৰালৰ সভাপতি ধ্ৰুৱজ্যোতি বৰা, সম্পাদক জয়ন্ত বৰাই এক বিবৃতিৰ জৰিয়তে আহ্বান জনাইছে।