যোৰহাট

শ্ৰেষ্ঠ বক্সাৰৰ সন্মানেৰে উজ্বলিল প্ৰিয়ংকাঃ যোৰহাটলৈ ৰূপ-ব্ৰঞ্জসহ ৩সোণৰ পদক

Asomiya Pratidin

ডিজিটেল সংবাদ, যোৰহাটঃ সদ্যসমাপ্ত অসম এমেছাৰ বক্সিং সন্থাই গুৱাহাটী উলুবাৰী বক্সিং ক্লাবত অনুষ্ঠিত কৰা সদৌ অসম আন্তঃজিলা জুনিয়ৰ আৰু এলিট বক্সিং (ল'ৰা-ছোৱালী) চেম্পিয়নশ্বিপ ২০২৩ প্ৰতিযোগিতাখনত যোৰহাট জিলা এমেছাৰ বক্সিং সন্থাৰ দলটোৱে ৩টা সোণ, ২টা ৰূপ আৰু ২টা ব্ৰঞ্জৰ পদকেৰে মুঠ ৭টাকৈ পদক অৰ্জন কৰি যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে।

উল্লেখযোগ্য যে, ১০জনীয়া যোৰহাট জিলা এমেছাৰ বক্সিং সন্থাৰ দলটো ৪৬ কেজি জুনিয়ৰ বয়জ শাখাত সোণৰ পদক অৰ্জন কৰিছে অবিনাশ দাসে। ৪৮ কেজি আৰু ৭০ কেজি ছিনিয়ৰ অ'মেন শাখাত প্ৰিয়ংকা বৰা আৰু পিংকি গগৈয়ে সোণৰ পদক অৰ্জন কৰাৰ লগতে প্ৰিয়ংকা বৰাই শ্ৰেষ্ঠ বক্সাৰ সন্মান লাভ কৰে। ৫৪ কেজি জুনিয়ৰ বয়জ শাখাত প্ৰশান্ত গগৈয়ে ৰূপৰ পদক অৰ্জন কৰাৰ লগতে ৮১ কেজি ছিনিয়ৰ অ'মেন শাখাত চয়নিকা বৰাই ৰূপৰ পদক অৰ্জন কৰে।

ইয়াৰ উপৰিও ৪৮ কেজি ছিনিয়ৰ মেনছৰ শাখাত মনোজ বৰা আৰু ৪৬ কেজি জুনিয়ৰ বয়জ শাখাত হিমাংশু বৰাই ব্ৰঞ্জৰ পদক অৰ্জন কৰি যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে। যোৰহাট জিলাক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা খেলুৱৈ সকলৰ এই সফলতাক যোৰহাট জিলা এমেছাৰ বক্সিং সন্থাই সকলো খেলুৱৈকে আন্তৰিক অভিনন্দন জনাইছে।