নিশা মৰিয়নিত লক্ষাধিক টকাৰ অবৈধ সুৰা জব্দঃ পলাতক দুই কুখ্যাত সুৰা মাফিয়া...
নিশা মৰিয়নিত লক্ষাধিক টকাৰ অবৈধ সুৰা জব্দঃ পলাতক দুই কুখ্যাত সুৰা মাফিয়া... 
যোৰহাট

নিশা মৰিয়নিত লক্ষাধিক টকাৰ অবৈধ সুৰা জব্দঃ পলাতক দুই কুখ্যাত সুৰা মাফিয়া...

Asomiya Pratidin

ডিজিটেল সংবাদ মৰিয়নিঃ মংগলবাৰে নিশা মৰিয়নিত বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ কৰে আৰক্ষীয়ে।এখন ইক' ভেনৰ পৰা জব্দ ২ লক্ষাধিক মূল্যৰ অবৈধ সুৰা।জনৈক ভৰত মিলি আৰু জনৈক লাতু নামৰ দুই অৰুণাচলী সুৰা মাফিয়াই মৰিয়নিৰ পি ডি ৱাইন নামৰ এখন সুৰাৰ বিপনীৰপৰা সংগ্ৰহ কৰিছিল অবৈধ সুৰাখিনি।

অবৈধ সুৰাৰ বাহনত থকা উপেন কৈৰী আৰু সুমণ চেতিয়া নামৰ দুজন অবৈধ সুৰা মাফিয়াক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ। অৱশ্যে অৰুণাচলী সুৰা মাফিয়া ভৰত মিলি এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ।

জব্দকৃত অবৈধ বিলাতী সুৰাখিনি নাগালেণ্ডলৈ সৰবৰাহ কৰিবলৈ লোৱাৰ সময়তে মৰিয়নি আৰক্ষীয়ে বাহনখন জব্দ কৰে । মন কৰিবলীয়া যে মৰিয়নিৰ পি ডি ৱাইন শ্বপখনে দীৰ্ঘদিন ধৰি অবৈধভাবে বিপনীৰখনৰ কাৰ্টুনে কাৰ্টুনে অবৈধ সুৰা একাংশ সুৰা মাফিয়াৰ জৰিয়তে নাগালেণ্ডলৈ সৰবৰাহ কৰি আহিছে।