তিতাবৰৰ আসাম ফাৰ্মাচী ইনষ্টিটিউটত শতাধিক শিক্ষাৰ্থীৰ স্বেচ্ছাই ৰক্তদান...
তিতাবৰৰ আসাম ফাৰ্মাচী ইনষ্টিটিউটত শতাধিক শিক্ষাৰ্থীৰ স্বেচ্ছাই ৰক্তদান...  
যোৰহাট

তিতাবৰৰ আসাম ফাৰ্মাচী ইনষ্টিটিউটত শতাধিক শিক্ষাৰ্থীৰ স্বেচ্ছাই ৰক্তদান...

Asomiya Pratidin

ডিজিটেল সংবাদ বেকাজানঃ ৰক্তদান মহান দান। আপোনাৰ এটুপি তেজে দিব পাৰে জীৱন দান। এটোপাল ৰক্তই জীয়াই তুলিব পাৰে একোটা জীৱন। এটোপাল তেজৰ বাবে চিকিৎসালয়ত প্রতি মুহূৰ্ততে হাঁহাকাৰ কৰিব লগা হয় ৰোগীয়ে।

তেনে এক মহৎ উদ্দেশ্য আগত ৰাখি তিতাবৰৰ আছাম ফাৰ্মাচী ইনষ্টিটিউটৰ উদ্যোগত ১৩ মাৰ্চত অনুষ্ঠিত হয় ৰক্তদান শিৱিৰ আৰু সজাগতা সভা। যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ সহযোগত আসাম ফাৰ্মাছি ইনষ্টিটিউট আৰু আসাম নাৰ্ছিং ইনষ্টিটিউটৰ চৌহদত অনুষ্ঠিত হোৱা ডাঃ কৃপা, ডাঃ অভিজ্ঞান মহন্ত, সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা, মাধপুৰ শিক্ষা মণ্ডল সমন্বয়ক প্ৰাণজিৎ বৰকাকতি, সাংবাদিক চিত্তকমল বেজবৰা, চাজিদ হুছেইন, অনুপম গগৈ আদিয়ে অংশগ্ৰহণ কৰা শিৱিৰত ৰক্তদানৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ভাষণ প্ৰদান কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ৰক্ত কোষৰ তত্ত্বাৱধায়ক ডাঃ বিদিত কুমাৰ গগৈয়ে।

আসাম ফাৰ্মাছি ইনষ্টিটিউট আৰু আসাম নাৰ্ছিং ইনষ্টিটিউটৰ সঞ্চালক মাধূৰ্য ৰাজখোৱাৰ তত্ত্বাৱধানত অনুষ্ঠিত ৰক্তদান শিৱিৰত সহযোগিতা আগবঢ়ায় আসাম ফাৰ্মাছি ইনষ্টিটিউটৰ অধ্যক্ষা ডঃ বৰ্ণালী গগৈ, আসাম নাৰ্ছিং ইনষ্টিটিউটৰ অধ্যক্ষা কৰবী চুতীয়াৰ লগতে দুয়োখন ইনষ্টিটিউটৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে। এই শিৱিৰত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ উপস্থিত চিকিৎসকসকলে স্বতঃস্ফূৰ্তভাৱে ৰক্তদান কৰা শতাধিক ছাত্ৰ-ছাত্ৰীক ধন্যবাদ জনায়।

আনহাতে চিকিৎসালয়ত ৰোগীসকল উপকৃত হ'ব পৰাকৈ সকলোকে ৰক্তদান কৰিবলৈ আহ্বান জনালে ইনষ্টিটিউটৰ হৈ সঞ্চালক মাধূৰ্য ৰাজখোৱাই।