মৰিয়নিত উদ্ধাৰ কটনৰ নিখোজ ছাত্ৰ...
মৰিয়নিত উদ্ধাৰ কটনৰ নিখোজ ছাত্ৰ... 
যোৰহাট

মৰিয়নিত উদ্ধাৰ কটনৰ নিখোজ ছাত্ৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ মৰিয়নি: কটন কলেজত অধ্যয়ণৰত সন্ধানহীন এজন ছাত্ৰ আজি উদ্ধাৰ কৰা হয় মৰিয়নিত। কটন মহাবিদ্যালয়ৰপৰা সন্ধিয়া উজানবজাৰস্থিত ভাড়াঘৰলৈ গৈ থকা অৱস্থাত বৃহস্পতিবাৰৰপৰা নিখোজ হৈছিল ধেমাজিৰ সূৰ্যনাৰায়ণ দাস নামৰ ছাত্ৰজন।

মৰিয়নি ৰে'ল জংচনত ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰে ছাত্ৰজনক।কি পৰিস্থিতিত নিজ ভাড়াঘৰলৈ গৈ থকা অৱস্থাত নিখোজ হৈছিল সেই সন্দৰ্ভত অজ্ঞতা প্ৰকাশ সূৰ্য নাৰায়ণ দাসৰ।সম্প্ৰতি আৰক্ষীয়ে ছাত্ৰজনক সোধা পোচা অব্যাহত ৰাখিছে।