যোৰহাট

বৰহোলাত অনুষ্ঠিত 'যোগাব্দী বৰুৱা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা'ৰ সামৰণি

Asomiya Pratidin

ডিজিটেল সংবাদ, তিতাবৰ: বৰহোলাত পূৱেৰুণ সংঘৰ উদ্যোগত অনুষ্ঠিত যোগাব্দী বৰুৱা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে সফলতাৰে সামৰণি পৰে। বিয়লি ৰজাবাৰী ফুটবল দল আৰু ফুলবাৰী ফুটবল দলৰ মাজত অনুষ্ঠিত অতি উত্তেজনাপূৰ্ণ চূড়ান্ত খেলখনত ১-০ গলত ৰজাবাৰী ফুটবল দলটোৱে বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

খেলৰ অন্তত বিজয়ী আৰু বিজিত দলক দাতা পৰিয়ালৰ হৈ বিমান বৰুৱা, দেৱজ্যোতি সোণোৱাল বৰুৱা আৰু পূৱেৰুণ সংঘৰ সমূহ বিষয়ববীয়াৰ উপস্থিতিত প্ৰাইজমানি প্ৰদান কৰা হয়। উল্লেখ্য যে, বিয়লি শিক্ষক দিগন্ত বৰাই উদ্বোধন কৰা খেলৰ উদ্বোধনী অনুষ্ঠানত অতিথি হিচাপে বৰহোলা চাহ বাগিছাৰ পৰিচালক অমিতাভ বুঢ়াগোহাঁই, উপ পৰিচালক দেৱানন্দ বৰুৱা, শিশু সাহিত্যিক তিলো সোণোৱাল, সমাজকৰ্মী মুকুট বৰা, ছফিকুল হক, তিতাবৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক তৰুণ দত্ত, বৰহোলা সাংবাদিক সন্থাৰ সম্পাদক অজয় শইকীয়া, চুতীয়া জাতি যুৱ সন্মিলনৰ কেন্দ্ৰীয় ক্ৰীড়া সম্পাদক যদুমণি চুতীয়া আদি উপস্থিত থাকি খেলুৱৈ সকলক উৎসাহিত কৰে।

উল্লেখ্য যে ১৫ নৱেম্বৰৰ পৰা অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাখনত সকলো ক্ষেত্ৰতে সহায়-সহযোগিতা আগবঢ়োৱা সকলক বৰহোলা পূৱেৰুণ সংঘৰ সভাপতি অনন্ত গগৈ, সম্পাদক বসন্ত সোণোৱালে সাংবাদ মাধ্যমৰ জৰিয়তে কৃতজ্ঞতা জ্ঞাপন কৰিছে।