বৰহোলাত বাল্য বিবাহ-নিচা জাতীয় দ্ৰব্য প্ৰচলনৰ বিৰুদ্ধে সজাগতা সমদল...
বৰহোলাত বাল্য বিবাহ-নিচা জাতীয় দ্ৰব্য প্ৰচলনৰ বিৰুদ্ধে সজাগতা সমদল... 
যোৰহাট

বৰহোলাত বাল্য বিবাহ-নিচা জাতীয় দ্ৰব্য প্ৰচলনৰ বিৰুদ্ধে সজাগতা সমদল...

Asomiya Pratidin

ডিজিটেল সংবাদ বেকাজানঃ বৰহোলাত অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ সৌজন্যত আজি তিতাবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰহোলা আদৰ্শ মণ্ডলৰ সদস্যাসকলে বাল্য বিবাহ আৰু নিচা জাতীয় দ্ৰব্যৰ প্ৰচলনৰ বিৰুদ্ধে বিশাল সজাগতা ৰেলী উলিয়ায় । পুৱা বৰহোলা গ্ৰাণ্টৰ পৰা পাঁচ শতাধিক গ্ৰামীণ জীৱিকাৰ আত্মসহায়ক গোটৰ মহিলাই হাতে হাতে বেনা -প্লেকাৰ্ড লৈ বাল্যবিবাহ বন্ধ কৰক, নিচাযুক্ত দ্ৰব্য বৰ্জন কৰক , বিয়া নহয় ছোৱালীক শিক্ষা দিয়ক আদি বিভিন্ন শ্ল'গানেৰে বৰহোলা অঞ্চল মুখৰ কৰি তোলে ।

এই সজাগতা সমদলত অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ অধীনৰ তিতাবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰহোলা আদৰ্শ মণ্ডলৰ সদস্যাসকলে জীৱিকা সখী,সংযোগ সখীৰ লগতে সকলো সখীয়ে সহযোগ কৰে । এই সজাগতা ৰেলীৰ সন্দৰ্ভত তিতাবৰ উন্নয়ন খণ্ডৰ খণ্ড প্ৰকল্প প্ৰৱন্ধক মাধুৰ্য শইকীয়া উপস্থিত হৈ কয় যে, আজি সজাগতা ৰেলী কৰা উদ্দেশ্য যে হ'ল এই আধুনিক সময়ত আমি বাল্যবিবাহৰ দৰে এটা ভুল কৰি আছো ।

আগতে যি হ'ল হৈ গ'ল। কিন্তু এতিয়াৰ পৰা আমাৰ নতুন প্ৰজন্মৰ মাজত যাতে এনে ভুল নহয় আৰু বাল্যবিবাহ সম্পূৰ্ণৰূপে বন্ধ হয় তাৰ বাবে এই সমদল । আনহাতে নিচাজাতীয় দ্ৰব্য ব্যৱহাৰ ৰোধ কৰিব লাগে কিয়নো ই সমাজ এখনক ধবংস কৰে ।

জীৱিকা সখী ৰেখা ৰাজখোৱাই কয় যে, বাল্যবিবাহ এক অপৰাধ, বাল্যবিবাহৰ পৰা আমাৰ সমাজত যথেষ্ট সমস্যাৰ সৃষ্টি হয় সেইবাবে আমি সকলোৱে বাল্যবিবাহ বন্ধ কৰিবলৈ চেষ্টা কৰিব লাগে । লগতে নিচাযুক্ত দ্ৰব্য ব্যৱহাৰৰ ওপৰতো যাতে আমাৰ ল'ৰা -ছোৱালীবোৰক সজাগ কৰিব পাৰো তাৰ বাবেই আমি আজি সজাগতা সমদল উলিওৱা হয় ।

সংযোগ সখী দীপা দেৱীয়ে কয়, আমাৰ নৱ প্ৰজন্মৰ লগতে অভিভাৱক সকলো যাতে বাল্যবিবাহ তথা নিচাযুক্ত দ্ৰব্য বৰ্জনৰ বাবে সজাগ হয় সেইবাবেই আজি সজাগতা সমদল উলিওৱা হয় । এই ক্ষেত্ৰত বৰহোলা আৰক্ষী বিষয়াসকলৰ পূৰ্ণ সমৰ্থনৰ বাবে ধন্যবাদ জনায় । এই কাৰ্যসূচীত তিতাবৰ খণ্ড সমন্বয়ক সুমন বৰুৱা লগতে বৰহোলা আৰক্ষী বিষয়াসকল উপস্থিত হয়।