যোৰহাট

মাননি আদায় দিব নোৱাৰা চৰকাৰক ধিক্কাৰ আশাকৰ্মীৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, তিতাবৰঃ এবছৰে মাননি আদায় দিব নোৱাৰা চৰকাৰক ধিক্কাৰ দিলে আশাকৰ্মীয়ে। হিতাধিকাৰী আঁচনিৰে চমক সৃষ্টি কৰিব খোজা ৰাজ্য চৰকাৰে মোকোলাই দিব পৰা নাই আশাকৰ্মী সকলৰ মাহেকীয়া পাৰিতোষিক। ৰাজ্যৰ বিত্তীয় সংকটৰ দোহাই দি মোকলাই দিয়া নাই ৰাজ্যখনত ৩৩৮৫৪ গৰাকী আশাকৰ্মীৰ প্ৰাপ্য মাননি।

ৰাজনৈতিক চমক দিবলৈকে ভোট লাভৰ স্বাৰ্থত লাখটকীয়া বাইদেউৰ কথা কোৱা চৰকাৰখনে মাহেকত মাত্ৰ এহাজাৰ টকা ধন নিয়মীয়াকৈ আগবঢ়াবলৈও অক্ষম বুলি তিতাবৰত অনুষ্ঠিত আশাকৰ্মীসকলৰ অভিৱৰ্তনত ক্ষোভ প্ৰকাশ কৰিছে আশাকৰ্মীসকলে। মানৱীয়তাৰ খাতিৰতে আশাকৰ্মী সকলৰ বিষয়টো বিবেচনা কৰিবলৈ আহ্বান জনালে চৰকাৰক।