যোৰহাট

অসম আন্দোলনৰ সক্ৰিয় কৰ্মী প্ৰফুল্ল পাঠকৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ, তিতাবৰ : অসম আন্দোলনৰ সক্ৰিয় কৰ্মী,প্ৰাক্তন আছু কৰ্মী তথা বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান বিভাগৰ সহকাৰী কৰ্মচাৰী সদ্য প্ৰয়াত প্ৰফুল্ল পাঠকৰ বুধবাৰে ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। সেয়ে পুৱা পাঠকৰ স্মৃতিত বৃহত্তৰ বৰহোলা অঞ্চলৰ ভালেকেইজন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত 'কৌমাৰদীপ' নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।

পুৱা প্ৰফুল্ল পাঠকৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যপৰ্ণ আৰু পুস্পাঞ্জলি অৰ্পণ কৰাৰ পিছতে স্মৃতিগ্ৰন্থ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক পৰাগ ভাগৱতীয়ে। ইয়াৰ পিছতে পাঠকৰ স্মৃতি সুৱৰি অৱসৰপ্ৰাপ্ত শিক্ষক দ্বীপেন শইকীয়া, অৱসৰপ্ৰাপ্ত অধ্যক্ষা মঞ্জুলা গগৈ সন্দিকৈ, সমাজকৰ্মী ছফিকুল হক আদিয়ে চমু ভাষণ প্ৰদান কৰে।

শিক্ষক যামিনী মোহন বৰুৱাই আঁত ধৰা উন্মোচনী অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিজয় মোহন সন্দিকৈ, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বুধীন্দ্ৰ নাথ হাজৰিকা, শিক্ষক দিগন্ত বৰা, বৰহোলা মহাবিদ্যালয়ৰ উপাধক্ষ্য দিলীপ কুমাৰ খাউণ্ড, সহকাৰী অধ্যাপক অমল সোণোৱাল, সমাজকৰ্মী মুকুট বৰা, তৰুণ সোণোৱাল, সাংবাদিক অজয় শইকীয়া, বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ নেওগ, আছুৰ তিতাবৰ মহকুমা সমিতিৰ সভাপতি মাধুৰ্য পাঠক, বৰহোলা মহাবিদ্যালয়ৰ কৰ্মচাৰী মিনেশ্বৰ শইকীয়া, প্ৰফুল্ল পাঠকৰ সমূহ পৰিয়ালবৰ্গৰ সৈতে দেৱজিৎ পাঠক, ধ্ৰুৱ পাঠক, মাধুৰ্য পাঠক আদিয়ে অংশগ্ৰহণ কৰে।

বৰহোলা অঞ্চলৰ ভালেকেইটা দল-সংগঠনৰ কৰ্মী আদ্যশ্ৰাদ্ধত উপস্থিত হৈ প্ৰফুল্ল পাঠকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে, তেওঁ একালত অসম গণ পৰিষদ আৰু পৰৱৰ্তী সময়ত কংগ্ৰেছৰ সক্ৰিয় সদস্য আছিল।