যোৰহাট

অসম কৃষি বিশ্ববিদ্যালয়ৰ অভিলাসী আঁচনি : ৬,৯০০ বিঘা কৃষিভূমিত টৰিয়া-সৰিয়হৰ খেতিৰে হালধীয়া বিপ্লৱৰ লক্ষ্য

Asomiya Pratidin

ডিজিটেল সংবাদ,যোৰহাট : অসমৰ ২০খন জিলাৰ মুঠ ৬,৯০০ বিঘা মাটিত টৰিয়া-সৰিয়হৰ উন্নত জাতৰ প্ৰদৰ্শনীমূলক খেতি কৰাৰ বাবে অভিলাসী আঁচনি গ্ৰহণ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ নগাঁও জিলাৰ চিলগুনীস্থিত, মাগুলিক গৱেষণা কেন্দ্র আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত, ৰাজস্থানৰ ভাৰতপুৰস্থিত সৰিয়হৰ গৱেষণা সঞ্চালকালয়ৰ যুটিয়া সহযোগত ১.১৮ কোটি টকা পুঁজিৰ এই অভিলাষী আঁচনিৰ শুকুৰবাৰে শুভ উদ্বোধন কৰা হ'ব।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাৰ উপস্থিতিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই কাৰ্যসূচীৰ মুকলি কৰিব কৃষি মন্ত্ৰী অতুল বৰাই । এই অনুষ্ঠানত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা,অতিৰিক্ত মুখ্য সচিব আশীষ কুমাৰ ভূটানী,ৰাজস্থানৰ ভাৰত পুৰস্থিত সৰিয়হৰ গৱেষণা সঞ্চালকালয়ৰ ড০ পি কে ৰায় উপস্থিত থাকিব ।

এই আচঁনিৰ অধীনত অসমত বিজ্ঞান ভিত্তিক খেতিৰ প্ৰসাৰৰ জৰিয়তে টৰিয়া- সৰিয়হৰ মূল্য শৃংখল উন্নয়নৰ মেগা প্রজেক্টৰ বাবে নগাঁও জিলাৰ আন ৬০০ বিঘা পথাৰত সৰিয়হজাতীয় শস্যৰ গাঁও হিছাপে গঢ়ি তোলাৰ লক্ষ্য ৰখা হৈছে। লগতে আন ৩শ জন কৃষকক সৰিয়হৰ একোটা বীজৰ পেকেট আগবঢ়াই, আন ৩শ বিঘা মাটিতো এই তৈলবীজৰ খেতিৰ জৰিয়তে সৰ্বমুঠ ৬৯০০ বিঘা কৃষিভূমিত টৰিয়া-সৰিয়হৰ খেতিৰে হালধীয়া বিপ্লৱৰ পথ প্ৰশস্ত হৈছে ৷

ইয়াৰ বাবে ২০ কুইন্টল পি এম ২৮ নামৰ সৰিয়হৰ উন্নত বীজ ৰাজস্থানৰ ভাৰত পুৰস্থিত সৰিয়হৰ গৱেষণা সঞ্চালকালয়ৰ পৰা সংগ্ৰহ কৰা হৈছে। বাকী ৪৯ কুইন্টল টি এচ ৩৮ নামৰ টৰিয়াৰ উন্নত জাতৰ বীজ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ নগাঁও জিলাৰ চিলঙনীস্থিত, মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ পৰা ব্যৱহাৰ কৰা হৈছে।

একেদৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত চিলঙনী, তিতাবৰ, তিনিচুকীয়া, বুৰালিক্সন, লখিমপুৰ, কাঁহিকুছি, গোসাইগাঁও, ডিফু, কৰিমগঞ্জ আৰু মন্দিৰাত অৱস্থিত গৱেষণা কেন্দ্ৰ সমূহৰ ওপৰিও ধেমাজি, যোৰহাট, বাক্সা, ধুবুৰী, চিৰাং, নলবাৰী, বৰপেটা, দৰং, মৰিগাঁও আৰু শোণিতপুৰত অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ সমূহৰ জৰিয়তে সম্পাদন হ'ব লগা এই আঁচনিৰ অন্তর্গত জিলাকেইখনত একোটাকৈ কৃষক প্রশিক্ষণ আৰু পথাৰ দিৱস উদযাপন কৰা হ'ব ৷ তদুপৰি প্ৰতিটো সংলগ্ন অনুষ্ঠানৰ পৰা একোজনকৈ বিজ্ঞানী আৰু কৃষকক বিজ্ঞান ভিত্তিক খেতিৰ বিষয়ে প্ৰশিক্ষণৰ বাবে ৰাজস্থানৰ ভাৰতপুৰস্থিত সৰিয়হৰ গৱেষণা সঞ্চালকালয়লৈ প্ৰেৰণ কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে।

ইয়াৰোপৰি এখন ৰাজ্যিক ভিত্তিত কৃষি মেলা আৰু ক্রেতা-বিক্ৰেতাৰ দুখন সভাৰ লগতে কৃষকৰ বাবে দুটাকৈ সাতদিনীয়া প্ৰশিক্ষণৰ কাৰ্যসূচী ৰূপায়নৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছে।