তিতাবৰত চাহ শ্ৰমিক, আটছাৰ তপন গগৈৰ বিৰুদ্ধে প্ৰতিবাদ...
তিতাবৰত চাহ শ্ৰমিক, আটছাৰ তপন গগৈৰ বিৰুদ্ধে প্ৰতিবাদ... 
যোৰহাট

তিতাবৰত চাহ শ্ৰমিক, আটছাৰ তপন গগৈৰ বিৰুদ্ধে প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল সংবাদ তিতাবৰঃ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা ২০২৪ লোকসভা নিৰ্বাচনৰো বিজেপিৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থী তপন গগৈৰ বিৰুদ্ধে শনিবাৰে পুৱাই প্ৰতিবাদ কৰিলে চাহ জনজাতি ছাত্ৰ-সন্থায়ে। শনিবাৰে পুৱা চুঙী প্ৰাথমিক চাহ জনজাতি ছাত্ৰ সন্থাই সাংসদ তপন গগৈৰ চিভিল বেয়া বুলিও কটাক্ষ কৰে।

উল্লেখ্য যে, যোৰহাট সমষ্টিৰ সাংসদগৰাকীয়ে তিতাবৰ মোহনাটিং গ্ৰাণ্টৰ চুঙী বাগানত আদৰ্শ গাঁৱৰ নামত কোনো উন্নয়ন নকৰাৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰে। চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বাগিচাখনৰ শ্ৰমিকসকলৰ সহযোগত হোৱা এই প্ৰতিবাদৰ মাজতে তেওঁলোকে অভিযোগ কৰে যে, নিৰ্বাচনৰ পূৰ্বে তপন গগৈয়ে বিভিন্ন উন্নয়নৰ প্ৰতিশ্ৰুতি দিছিল যদিও কোনো ধৰণৰ উন্নয়ন নকৰিলে মোহনাটিং গ্ৰাণ্টৰ অন্তৰ্গত চুঙী চাহ বাগিচাত।

সেয়ে এই প্ৰতিবাদ মাজতে আগন্তুক লোকসভা নিৰ্বাচনত তপন কুমাৰ গগৈক ইয়াৰ উচিত প্ৰত্যু্ত্তৰ দিয়াৰো হুংকাৰ দিয়ে চাহ জনাজাতি ছাত্ৰ-সন্থাৰ চুঙী প্ৰাথমিক গোটে। প্ৰতিবাদৰ সময়তে তেওঁলোকে তপন গগৈ মুৰ্দাবাদ, বিজেপি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে চুঙী বাগান চাৰিআলি।