যোৰহাট

যোৰহাটত আন্তৰাষ্ট্ৰীয় মাতৃভাষা দিৱস আৰু আলি আঃয়ে লৃগাঙ উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ, বেকাজানঃ তিতাবৰস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান(ডায়েট) যোৰহাটত বুধবাৰে দিনজোৰাকৈ আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস আৰু বিলম্বিত তাৰিখত আলি আঃয়ে লৃগাঙ অনুষ্ঠিত হয়। ৰাষ্ট্ৰসংঘৰ ইউনেস্ক'ৰ দ্বাৰা লোৱা - মাল্টিলিংগুৱেলিজম ইজ দ্য পিলাৰ অৱ ইণ্টাৰজেনেৰেশ্যনেল এজ্যুকৃশ্যন' শীৰ্ষক মূল ধাৰণাকলৈ প্ৰতিষ্ঠানৰ ভাষা শিক্ষাৰ বিভাগৰ জ্যেষ্ঠ প্ৰৱক্তা কৃষ্ণা দত্ত ডেকাৰ পলিকল্পনাৰে প্ৰতিষ্ঠানৰ আঁঠটা মাতৃভাষা কোৱা আঠগৰাকী প্ৰশিক্ষাৰ্থী ক্ৰমে অসমীয়াত অম্লানদ্বীপ শইকীয়া, বাঙালীত উমা চক্ৰৱৰ্তী, নেপালীত হেমদ্বীপ থাপা, মিচিঙত সোণালী পেগু আৰু ইংৰাজীত প্ৰতীতি হাতীবৰুৱাই একেটি টোকাভিত্তিক ভিন্ন মাতৃভাষাত আকৰ্ষণীয় শৈলীৰে বক্তব্য আগবঢ়ায়।

মাতৃভাষা দিৱসৰ তাৎপৰ্য বহনকাৰী এখনি সুদৃশ্য ছবি অংকন কৰি সকলোৰে আগত প্ৰদৰ্শন কৰে প্ৰতিষ্ঠানৰ দক্ষ চিত্ৰশিল্পী শতাব্দী কাশ্যপে। অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা তিতাবৰ প্ৰেছ ক্লাৱৰ সভাপতি বিমান শইকীয়াই বিষয় সম্বন্ধে অতি আকৰ্ষণীয় বক্তব্য আগবঢ়ায়। অন্যহাতে সমান্তৰালভাৱে সম্পূৰ্ণ পাৰম্পৰিক নিয়মত শস্যৰ গুটি ৰোপণ, প্ৰতীকী খেতি পথাৰত মৰঙ ঘৰ সাজি প্ৰাৰ্থনা কৰি ডেকা-গাভৰু সকলে জনগোষ্ঠীয় আকৰ্ষণীয় সাজপাৰ পৰিধান কৰি কৰা ঢোলে ডগৰে কৰা গোমৰাগ ছ'মান আৰু ঐনিতম কৰা, জনগোষ্ঠীয় খাদ্য সম্ভাৰ আৰু পানীয় পৰিৱেশন আদি কৰা হয়।

লৃগাঙ সম্বন্ধে অতি সাৱলীলভাৱে বক্তব্য ৰাখে বিশিষ্ট কবি, সাংবাদিক আৰু গ্ৰন্থ প্ৰকাশক উজ্বল পাওগামে।আজিৰ লৃগাঙত যোৰহাটৰ বাগচোংস্থিত আই কাৰ্ড নামেৰে মিচিঙ জোনগোষ্ঠীয় সাংস্কৃতিক ক্ষেত্ৰত কাম কৰা শিল্পীৰ এটি দলে মননশীলভাৱে মিচিং ঐনিতম আৰু নৃত্য গীত পৰিৱশনৰ লগতে প্ৰতিষ্ঠানৰ কণ্ঠশিল্পী মনজিৎ চেতিয়াই বিহু গীত পৰিৱেশন কৰে।

লৃগাঙ অনুষ্ঠানত উপস্থিত থাকে ড° নৱীন বৰদলৈ মহাবিদ্যালয়ৰ অধ্যাপক বিশিষ্ট কবি ড° হিমন্ত প্ৰতীম বৰগোহাঞি, যোৰহাট জিলা সাংবাদিক সন্থাৰ সম্পাদক তথা তিতাবৰ প্ৰেছ ক্লাৱৰ সম্পাদক দুলাল কলিতা, সাংবাদিক শিক্ষক মণ্টুছ কোঁৱৰ আৰু সাংবাদিক মুনমী লালিম। প্ৰতিষ্ঠানৰ অধ্যক্ষ অনন্ত গগৈয়ে দুয়োটা অনুষ্ঠান আয়োজনৰ উদ্দেশ্য ব্যক্ত কৰা আৰু প্ৰৱক্তা নেত্ৰ গগৈয়ে প্ৰদান কৰা বক্তব্যৰ অনুষ্ঠানৰ আঁত ধৰে প্ৰৱক্তা বিকাশ পেগুৱে।

প্ৰৱক্তা পুষ্পাঞ্জলী দলে আৰু প্ৰৱক্তা ৰিজুমনি পায়েঙে মৌৰমত বহি পাৰম্পৰিক খাদ্য প্ৰস্তুতি তথা নীতি নিয়ম সমূহ প্ৰদৰ্শন কৰি বৰ্ণাঢ্য মিচিং সংস্কৃতি প্ৰদৰ্শণ কৰাৰ অন্তত পাৰম্পৰিক আহাৰেৰে সকলোকে আপ্যায়ণ কৰা হয়।