ধেমাজি জিলা ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ, ধেমাজি: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ধেমাজি আগমনৰ প্ৰাকক্ষণত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই জিলাখনৰ কেইটামান অতি গুৰুত্বপূৰ্ণ সমস্যা দৃষ্টিগোচৰ কৰি শীঘ্ৰে সমাধানৰ দাবী জনাইছে ৷ বুধবাৰে সংবাদ মাধ্যমলৈ জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস আৰু সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে এক প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰে।

এই প্ৰেছ বিজ্ঞপ্তিত ধেমাজি জিলাখনৰ প্ৰধান জলন্ত সমস্যা বান-গৰাখহনীয়া, স্বাস্থ্য শিক্ষা, ৰাস্তা-ঘাট আৰু নিবনুৱা সমস্যা সমাধানৰ বাবে বিশেষ পেকেজৰ ঘোষণা কৰা, সমান্তৰালভাৱে পৰ্বা বনাঞ্চলক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা, জোনাই উপ-জিলাক পূৰ্ণাংগ জিলা হিচাপে ঘোষণা কৰা, আন্তঃৰাজ্যিক সীমা‌ সমস্যাৰ সমাধান কৰাৰ লগতে জৈৱ-বৈচিত্ৰ, নৈপৰীয়া সভ্যতা, জনজীৱনলৈ ভাবুকি সৃষ্টি কৰা বৃহৎ নদী বান্ধ আৰু সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প অথাৎ জলবোমা বন্ধ কৰিবলৈ দাবী জনায় ৷

বান গৰাখহনীয়া আৰু বাৰিষাৰ বানে প্ৰতিবছৰে ধেমাজি জিলাখনক জুৰুলা কৰি থৈ যায় ৷ মহাবাহু ব্ৰহ্মপুত্ৰকে ধৰি জীয়াধল, গাইনদী, কুমতিয়া, লালী-চিয়াং, চিমেন আৰু ডিমৌ আদি বহুকেইখন সৰু বৰ নদীৰ বাঢ়নী পানীয়ে বাৰিষা কালত নৈ-পৰীয়া জনগণৰ মাজত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰে ।

লালী চিয়াং নদীৰ ভয়াবহ গৰাখহনীয়াৰ ফলত প্ৰতিবছৰে বহু বৰ্গকিলোমিটাৰ নদীৰ বুকুত জাহ যায় । কিন্তু কোনো এখন চৰকাৰে আজিলৈ ধেমাজিৰ বান গৰাখহনীয়া সমস্যা‌ৰ স্থায়ী সমাধান নকৰিলে। জলসম্পদ বিভাগে মাথাউৰি নিৰ্মাণৰ নামত কোটি কোটি টকা মোকলাই দিয়ে যদিও আজিলৈ ফলপ্ৰসূ আঁচনি আৰু ফলাফল নাই ।

সেইয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰত্যক্ষ আৰু পৰোক্ষ হস্তক্ষেপৰ জড়িতে ধেমাজি জিলাখনৰ প্ৰতিখন নদীৰ স্পৰ্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি বিজ্ঞানসন্মত মাথাউৰি নিৰ্মাণৰ কাম নিদিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ দাবী জনায় ।

শৈক্ষিক ভাৱে ধেমাজি জিলাৰ ছাত্ৰ-ছাত্ৰী সকল সম্ভাৱনাময় চৰিত্ৰৰ। কিন্তু বিদ্যালয় মহাবিদ্যালয়ৰ সমূহত সীমিত আসনৰ বাবে বহু ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা হৈছে । কেন্দ্ৰ চৰকাৰৰ নতুন শিক্ষা নীতিৰ আধাৰত দেশৰ উচ্চ শিক্ষাৰ চিত্ৰপথ সূচল আৰু সলনি কৰিবলৈ চেষ্টা কৰা হৈছে যদিও আমাৰ শিক্ষানুষ্ঠান সমূহত উপযুক্ত আন্তঃগাথঁনিৰ অভাৱ, কৰবাত ছাত্ৰ-ছাত্ৰীৰ তুলনাত পৰ্যাপ্ত পৰিমানৰ শিক্ষৰ অভাৱ আৰু কৰবাত বানপানী আৰু দুৰ্গম যাতায়ত ব্যৱস্থায়ে শিক্ষাক্ষেত্ৰত প্ৰত্যাহ্বান হৈ থিয় দিয়ে ।

জিলাখনৰ ধেমাজিত অৱস্থিত একমাত্ৰ আই টি আই প্ৰতিষ্ঠানখন, চিমেন চাপৰিত অৱস্থিত পলিটেকনিক মহাবিদ্যালয় আৰু জীয়াধলত অৱস্থিত ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শোচনীয় আৰু দুৰ্বল আন্তঃগাঁথনিৰ সমস্যা সমাধানৰ বাবে যাৱতীয় ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।

গোগামুখত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা সৰ্বভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰটোৰ পাঠদান অতি কম দিনৰ ভিতৰত আৰম্ভ কৰাৰ লগতে ইতিমধ্যে ঘোষণা কৰা ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য নিদিষ্ট সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ দাবী জনায় ৷ সমান্তৰালভাৱে জিলাখনত এখন চৰকাৰী আইন মহাবিদ্যালয়, এখন কৃষি আৰু মীন মহাবিদ্যালয় , চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ স্থাপনৰ বাবে ধেমাজি জিলা ছাত্ৰ সন্থায়ে দাবী জনায় ।‌

জিলাখনৰ জোনাইৰ পৰা গোগামুখলৈ বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ ভৰষাস্থলী ধেমাজি অসামৰিক চিকিৎসালয়ৰ উন্নত আন্তঃগাঁথনিৰ লগতে‌ বিভিন্ন বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ অনুৰোধ জনায় ৷ জিলাখনৰ জোনাইত নিৰ্মীয়মান জোনাই মহকুমা অসামৰিক চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য নিদিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লগতে জিলাখনৰ মধ্য অঞ্চলত আন এখন অসামৰিক চিকিৎসালয় স্থাপন কৰিবলৈ অনুৰোধ জনায় ৷

ধেমাজি জিলাৰ জোনাই মহকুমাত অৱস্থিত একমাত্র বর্ষাৰণ্য পবাক ৰাষ্ট্রীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ দাবী জনায় । বিভিন্ন আপুৰুগীয়া তথা ঔষধি গুণযুক্ত উদ্ভিদ আৰু লুপ্তপ্রায় বহু বন্য জন্তু, পক্ষী উপলব্ধ পবা বর্ষাৰণ্যক ৰাষ্ট্রীয় অভয়াৰণ্য ঘোষণা কৰি বান-গৰাখহনীয়া আৰু চোৰাং চিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনায় ।

জিলাখনত অৱস্থিত আহোমৰ দ্বিতীয় ৰাজধানী হাবুঙৰ লগতে পৌৰাণিক মঠ-মন্দিৰ, ঐতিহাসিক স্থান, কীর্তিচিহ্নসমূহ যেনে- ঘুগুহা দল, মালিনী থান আৰু প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ জীয়াধলমুখ, চিমেনমুখ, ডিমৌ, সুবাহী, সোৱণশিৰি নদীকাষৰীয়া অঞ্চলসমূহ পর্যটন স্থল হিচাপে গঢ়ি তুলিবলৈ ব্যবস্থা গ্ৰহণ কৰিবলৈ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা প্ৰবলভাৱে দাবী জনায় ।

বৃহৎ নদীবান্ধ: ধেমাজি জিলাখনৰ আন এক প্রধান সমস্যা হ'ল- গেৰুকামুখত নির্মীয়মাণ হৈ থকা ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প । গেৰুকামুখ প্রকল্পটো অধ্যয়নৰ বাবে গঠন কৰা বিশেষজ্ঞ সমিতিয়ে সেই স্থানত যে বৃহৎ নদীবান্ধ সুৰক্ষিত নহয়, সেই কথা বাৰে বাৰে কৈ আহিছে। প্রকল্পটোৰ নামনি অংশত বসবাস কৰা ৰাইজৰ জীবন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত সদৌ অসম ছাত্র সস্থাকে ধৰি প্রতিটো দল-সংগঠন আৰু ৰাইজে প্রতিবাদ কৰি আহিছে।

অসমৰ বিশেষজ্ঞ সমিতিয়ে কোৱা কথাবোৰ আজি আখৰে-আখৰে প্রতিফলিত হৈছে। বান্ধ নির্মাণ সম্পূর্ণ হোৱাৰ আগতে বিভিন্ন সময়ত পাহাৰ খহিছে, গার্ড ৱাল ভাঙিছে, বান্ধলৈ যোৱা পথ উটুৱাই নিছে,আৰু যোৱা বাৰিষাত সোৱণশিৰিৰ জলপৃষ্ঠা অস্বাভাৱিক হ্ৰাস পাইছে । যাৰ ফলত নামনিৱাসী ৰাইজ আৰু অধিক শংকিত হৈ পৰিছে। শাসনলৈ অহাৰ আগতে বিজেপি দলৰ ৰাষ্ট্রীয় সভাপতি ৰাজনাথ সিঙে গেৰুকামুখত এই বান্ধ নালাগে বুলি প্রতিবাদ কৰি গৈছিল ।

২০১৪ চনৰ লোক সভা নির্বাচনৰ আগত নৰেন্দ্র মোদীয়ে পাছিঘাটত বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰাৰ পাছত অসমৰ ৰাইজেও ভাবিছিল- অসমত বিজেপি চৰকাৰ শাসনলৈ আহিলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ ক্ষেত্রত ৰাইজ তথা দল-সংগঠনে বিচৰা ধৰণে সমাধানৰ বাট মুকলি হ'ব, কিন্তু সেইয়া হৈ নুঠিল‌ । গতিকে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই বৃহৎ নদী বান্ধৰ বিৰোধীতা কৰি এই বৃহৎ বান্ধৰ সিদ্ধান্ত বাতিল কৰিবলৈ পুনৰবাৰ দাবী উত্থাপন কৰে ৷

উল্লেখ্য যে, ২২ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী উপস্থিত হ'ব ধেমাজিত।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
শহুৰৰ হাতত প্ৰাণ গ'ল বোৱাৰীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in