যোৰহাট

বৰহোলা বালিজান মিচিং গাঁৱত আলি আঃয়ে লৃগাং উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ, বেকাজানঃ তিতাবৰ মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৰ বৰহোলা বালিজানত উলহ মালহৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে মিচিং জনগোষ্ঠীৰ আলি আঃয়ে লৃগাঙ উৎসৱ উদযাপন কৰা হয় । পুৱা বালিজান মিচিং গাঁৱৰ মুৰং ঘৰৰ বাকৰিত শতাধিক মিচিং ডেকা-গাভৰু সমবেত হৈ কৃষি সঁজুলি লৈ গাঁৱৰ বুঢ়া মেথাই দঃঞি পলঃক আৰু কাৰ্ৰিচং কাটাংক সেৱা আগবঢ়াই আশীৰ্বাদ কামনা কৰে গাঁৱখনৰ জ্যেষ্ঠ ব্যক্তি দোলেশ্বৰ মিচিঙে।

আনহাতে শস্য সিঁচি উৎসৱৰ আৰম্ভণি কৰে গাঁৱৰ জ্যেষ্ঠ নাগৰিক হেমৰাম ৰেগন আৰু তেওঁৰ পত্নী ৰুনুমাই ৰেগনে। আনহাতে লৃগাঙ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক মণ্টুচ্ কোঁৱৰ ,বেকাজান আৰক্ষী চকীৰ বিষয়া ভূপেন শইকীয়া আৰু প্ৰধান শিক্ষক, শিক্ষক অভিজিত পায়েঙ।

উল্লেখ্য যে আলি-আঃয়ে-লৃগাঙৰ অৰ্থ হ’ল শস্য ৰোপণৰ আৰম্ভণি। আলি মানে মূল বা কাণ্ড, আঃয়ে’ৰ অৰ্থ হ’ল ফল বা গুটি আৰু লৃগাঙৰ অৰ্থ হ’ল সিঁচিবলৈ আৰম্ভ কৰা বা সিঁচাৰ প্ৰথম দিন। শস্য সিঁচা পৰম্পৰা পিছত শস্যপথাৰৰ মংগল আৰু খেতিৰ শ্ৰীবৃদ্ধি কামনা কৰি ইষ্ট দেৱতাক স্মৰণ কৰি প্ৰাৰ্থনা কৰে ।

ইয়াৰ পাছতে তৰাপাতত ৰন্ধা পুৰাং, পঃৰ আপং পোৰা গৰৈ মাছ আৰু গাহৰি মাংসৰে ভোজভাত খাই গুমৰাগ নৃত্যত মুখৰ হৈ পৰে। পানীখেতি চুমৈমাৰীত মিছিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি আঃয়ে লৃগাঙ উদযাপনৰ সন্দৰ্ভত দিনাৰাম পায়েঙে কয় --দঃঞি আৰু আৱটানিৰ জৰিয়তে সৃষ্টি হৈছিল । সেয়ে পূৰ্বৰ পুৰুষৰ দৰেই আজিও শস্য সিঁচাৰ উৎসৱ পৰম্পৰাগত উলহ-মালহৰে উদযাপন কৰা হৈছে। ইফালে বৰহোলাৰ গড়াজান মিচিং গাওঁ আৰু ভেলৌগুৰিতো উলহ-মালহৰে আলি আঃয়ে উৎসৱ উদযাপন কৰা হয়।