যোৰহাট

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিতাবৰ আঞ্চলিক সমিতিৰ গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

Asomiya Pratidin

ডিজিটেল সংবাদ,তিতাবৰঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিতাবৰ আঞ্চলিক সমিতিৰ গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। মঙলবাৰে তিতাবৰত যুৱ ছাত্ৰ পৰিষদে বিভিন্ন প্ৰতিবাদৰে এই কাৰ্যসূচী ৰূপায়ণ কৰে।

যুৱ ছাত্ৰ পৰিষদৰ প্ৰায় ২শতাধিক কৰ্মীয়ে তিতাবৰ ৰে'ল ষ্টেচনৰ সন্মুখত বিভিন্ন শ্ল'গানেৰে সাব্যস্ত কৰে। তিতাবৰ ৰে'ল ষ্টেচনক আধুনিকীকৰণ কৰা, দূৰণিবটীয়া যাত্ৰীবাহী ৰে'লৰ ষ্টপেজ প্ৰদানকে ধৰি ষ্টেচনটোৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

ইয়াৰোপৰি তিতাবৰ ষ্টেচনৰ প্লেটফৰ্মৰ উচ্চতা শীঘ্ৰে বৃদ্ধি কৰা, যাত্ৰীৰ সুবিধাৰ বাবে এখন ফুট অভাৰ ব্ৰীজৰ ব্যৱস্থা কৰা, ৰ'দ-বৰষুণৰ পৰা যাত্ৰীৰ অসুবিধা নহ'বৰ বাবে উপযুক্ত চালিৰ ব্যৱস্থা কৰা, যাত্ৰীৰ জিৰণি কোঠা, শৌচাগাৰ, প্ৰসাৱগাৰ, খোৱা পানীৰ সু-ব্যৱস্থা কৰাৰো দাবী জনাই যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে।

উল্লেখ্য যে ব্ৰিটিছ দিনতে স্থাপিত হৈছিল তিতাবৰ ষ্টেচনটো। ষ্টেচনটোত উপযুক্ত সা-সুবিধা নথকাত দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰান্তৰ পৰা অহা যাত্ৰীসকল বাৰুকৈয়ে দুৰ্ভোগ ভুগি আহিছে। উক্ত কাৰ্যসূচীত কেইবাটাও দল-সংগঠনৰ কৰ্মী আৰু ভালেসংখ্যক তিতাবৰীয়া ৰাইজে অংশগ্ৰহণ কৰে।