যোৰহাট

ক'ত গ'ল চ'কবজাৰ !

Asomiya Pratidin

ডিজিটেল ডেস্ক : মুহুৰ্ততেই ইতিহাস হৈ পৰিল যোৰহাটৰ চ'কবজাৰ । অগ্নি নিৰ্বাপক বাহিনীৰ ৪০ খন গাড়ীয়েও ৰক্ষা কৰিব নোৱাৰিলে চ'কবজাৰ । এই ঐতিহ্যমণ্ডিত চ'কবজাৰৰ সৈতেই স্মৃতি হৈ পৰিল ৪০০ৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান । বায়ুসেনা, আ' এন জি চি, নুমলীগড় শোধনাগাৰকে ধৰি ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় ৪০ খন গাড়ীও অসফল হৈ পৰিল চ'কবজাৰ ৰক্ষা কৰাত । নিশা ৯.১৫ বজাত চ'কবজাৰৰ এখন কাপোৰৰ দোকানত লগা জুয়ে মাত্ৰ দুঘন্টাৰ ভিতৰতেই ছাইত পৰিণত কৰিলে সমগ্ৰ বজাৰখন । নিশা ১১ বজালৈ নিকটৱৰ্তী জিলা সমূহৰ পৰাও অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি উপস্থিত হৈছিল যদিও বহু পলম হৈ গৈছিল তেতিয়ালৈ ।

ব্যৱসায়ীসকলৰ তথ্য অনুসৰি, প্ৰায় ২০০ কোটি টকাৰো অধিক পৰিমাণৰ ক্ষতি হয় এই অগ্নিকাণ্ডৰ ফলত । জুই লগাৰ সময়ত একাংশ ব্যৱসায়ীয়ে সামগ্ৰী সমূহ উদ্ধাৰ কৰি পথৰ ওপৰলৈ উলিয়াই ৰক্ষা কৰিবলৈ চেষ্টা কৰে যদিও দুৰ্বৃত্তই সেই সামগ্ৰীও লুটি নিয়ে পথৰ পৰা ।

উল্লেখ্য যে, ঐতিহ্যমণ্ডিত চ'কবজাৰ স্থাপন কৰা হৈছিল ১৯০৮-০৯ চন মানতেই । সময়ৰ সৈতেই আধুনিকতাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত কৰা হৈছিল চ'কবজাৰক । তথ্য অনুসৰি, ১৯৭৬ চনতো এক বিধ্বংসী অগ্নিকাণ্ডৰ সন্মুখীন হৈছিল চ'কবজাৰ । তাৰ পাছতেই কাঠ আৰু টিনেৰে নিৰ্মাণ কৰা হৈছিল বজাৰখন । কিন্তু বাট-পথ সমূহ অত্যন্ত ঠেক তথা দিকানসমূহৰ মাজত ব্যৱধান নথকাৰ বাবে নিমিষতে সমগ্ৰ বজাৰখনক চানি ধৰে জুয়ে । যোহাটবাসীৰ অত্যন্ত প্ৰিয় চ'কবজাৰৰ এই অৱস্থাত এতিয়া ম্ৰিয়মাণ যোৰহাটবাসী ।