অসম

গৌৰৱ নে তপনঃ কাৰ হাতলৈ যাব যোৰহাট?

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সমাপ্ত হ'ল লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। মুঠ ২১ খন ৰাজ্যৰ ১০২টা সমষ্টিত আজিৰ এই ভোট গ্ৰহণ অনুষ্ঠিত হয়। সমান্তৰালভাৱে অসমৰ ৫টা সমষ্টি  যোৰহাট, ডিব্ৰুগড়, কাজিৰঙা, শোনিতপুৰ আৰু লখিমপুৰত অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। মুঠ ৩৮ জন প্ৰাৰ্থীয়ে অসমৰ পৰা আজিৰ এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

নিৰ্বাচনী আয়োগৰ তথ্য অনুসৰি আজি ভোটদান কৰা শতকৰা হাৰ, ডিব্ৰুগড়ত ৭১.৬৫ শতাংশ, যোৰহাটত ৭৭ শতাংশ, কাজিৰঙাত ৭১.৫৭ শতাংশ, লখিমপুৰত ৬৯.৩৪ শতাংশ আৰু শোণিতপুৰত ৭১.৩৪ শতাশ।

শতকৰাৰ হাৰৰ পৰা চাব গ'লে আজি যোৰহাটত সৰ্ববৃহৎ ভোটদান হয়। যোৰহাট সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ, বিজেপি প্ৰাৰ্থী তপন গগৈ, নিৰ্দলীয় প্ৰাৰ্থী ৰাজ কুমাৰ দুৱাৰা আৰু একাম সনাতম ভাৰতদল।

যোৰহাট সমষ্টিত মূল যুঁজ হ'ব কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থীৰ মাজত। তপন গগৈৰ বিপৰীতে গৌৰৱ গগৈও শক্তিশালী প্ৰাৰ্থী। শেহতীয়াকৈ বৃদ্ধি পাইছে গৌৰৱ গগৈৰ জনপ্ৰিয়তা। সদনত গৌৰৱ গগৈয়ে দিয়া ভাষণপ পৰা আৰম্ভ কৰি সমষ্টিটোৰ হকে কৰি যোৱা কামে জনপ্ৰিয়তা লাভ কৰাত সহায় কৰিছে প্ৰাৰ্থীগৰাকীক।

আনহাতে তপন গগৈও এগৰাকী শক্তিশালী প্ৰাৰ্থী। তপন গগৈৰ হৈ বিজেপিৰ পৰা বহু নেতাই প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি পিযুষ হাজৰিকালৈ সকলো নেতাই ভিৰ কৰিছিল যোৰহাট সমষ্টিত। বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰে ভৰি পৰিছিল যোৰহাট।

আজি বেলট বক্সত বন্ধ হ'ল প্ৰাৰ্থীৰ ভাগ্য। ৪ জুনতহে ওলাই পৰিব কাৰ হাতলৈ যায় যোৰহাট সমষ্টি। কোন জিকে কোন হাৰে সেয়া পিছৰ কথা। কিন্তু সৰ্বাধিক ভোটেৰে যোৰহাটে যেন দি গৈছে এক বিশেষ ইংগিত।