jonai protest
jonai protest 
অসম

জোনাইৰ নৃশংস হত্যাকাণ্ডৰ হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল সংবাদ, জোনাই : ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাই মহকুমাৰ জোনকাৰেঙৰ জোনবৰ গাঁৱৰ নিবাসী লক্ষীধৰ ময়ঙৰ পুত্র কালিং ময়ং নামৰ ছাত্ৰগৰাকীক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই সমগ্ৰ জোনাই অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা আৰু হত্যাকাৰীক ফাঁচী দিয়াৰ দাবীত শনিবাৰে জোনাইত প্ৰতিবাদী সমদল বাহিৰ কৰে স্থানীয় ৰাইজ লগতে দল-সংগঠনে।

প্ৰতিবাদকাৰীয়ে লগতে জোনাই আৰক্ষী থানা আৰু জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদত শ শ প্ৰতিবাদকাৰীয়ে ধৰ্ণা কাৰ্যসূচী পালন কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে।জোনাই জিলা সমিতি টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচী উপলক্ষে প্ৰথমতে মুৰ্কংচেলেক কৃষ্টি ভৱন, ৰাংকপ তিনিআলি হৈ সমদল কৰি জোনাই সদৰ আৰক্ষী থানাত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

তাৰ পিছত জোনাই দৈনিক বজাৰ পথহৈ প্ৰতিবাদীসকলে সমল কৰি আহি জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদত ধৰ্ণা কাৰ্যসূচী পালন কৰে। উল্লেখযোগ্য যে যোৱা ৭ নৱেম্বৰৰ নিশা জোনাবৰ গাঁৱৰ নিবাসী তথা লৃচাং কলেজৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ কালিং ময়ঙে বন্ধুৰ সৈতে ৰাস চাবলৈ ঘৰৰ পৰা ওলাই যায় যদিও নিশা জোনাই সদৰৰ মাজমজীয়াৰ উদয়পুৰ পথত তেজেৰে লুটুৰি পুতুৰি হৈ থকা অৱস্থাত কালিং ময়ঙৰ মৃতদেহ উদ্ধাৰ কৰে। ছাত্ৰজনক কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে নৃশংসভাৱে হত্যা কৰি পথত পেলাই থৈ যোৱা বুলি কালিং ময়ঙৰ পৰিয়ালৰ লগতে ৰাইজে সন্দেহ কৰিছে।

ইপিনে জোনাই জিলা সমিতি টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ ধৰ্ণা কাৰ্যসূচীৰ পিছত জোনাই মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এক স্মাৰক পত্ৰত প্ৰেৰণ কৰে। স্মাৰক পত্ৰত জোনাই বজাৰৰ মাজমজিয়াত যোৱা ৭ নৱেম্বৰৰ নিশা সংঘটিত কালিং ময়ঙৰ নৃশংস হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিয়াৰ লগতে হত্যাকাৰীক শীঘ্ৰে চিনাক্ত আৰু গ্ৰেপ্তাৰ কৰি ফ্ৰাষ্ট ট্রেট আদালতৰ জৰিয়তে বিচাৰ কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিব লৈ দাবী জনায়।