অসম

বদৰুদ্দিন আজমল প্ৰকৃততে এগৰাকী ৰাজনৈতিক সন্ত্ৰাসবাদীঃ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এ আই ইউ ডি এফৰ মুৰব্বী তথা ৰাজনৈতিক নেতা বদৰুদ্দিন আজমলৰ অশোভনীয় মন্তব্যৰ বিৰুদ্ধে সৰৱ শাসনাধিষ্ঠ দলৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। আজমলে সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্য়ে ধৰ্মীয় আঘাত হনা মন্তব্য কৰাৰ পাছত আজমলৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন।

এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিদ্বেষমূলক তথা সাম্প্ৰদায়িক মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। "বদৰুদ্দিন আজমল প্ৰকৃততে এগৰাকী ৰাজনৈতিক সন্ত্ৰাসবাদী। কাৰণ তেওঁ যিধৰণৰ বক্তব্য দিছে, তাৰ পৰা এটা কথা স্পষ্ট যে, তেওঁ ৰাজনৈতিক সন্ত্ৰাস চলাব বিচাৰে" - এইবুলি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই মন্তব্য আগবঢ়ায়।

মন্ত্ৰীগৰাকীয়ে বদৰুদ্দিন আজমলৰ বক্তব্যৰ সন্দৰ্ভত ধিক্কাৰ দি এইবুলি কয় যে, তেওঁ এজন সাংসদ হিচাপে অসমৰ লগতে সমগ্ৰ ভাৰতৰ সভ্যতা-সংস্কৃতি আৰু নাৰী জাতি সম্পৰ্কে যি ধৰণৰ কুৎসিত মন্তব্য আগবঢ়ালে; সেয়া অতিকৈ লজ্জাজনক বিষয়। মন্ত্ৰীগৰাকীয়ে আজমলৰ ভাষ্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে, "অসমীয়া জাতি সজাগ হ'ব লাগিব। আমি আজমলক বাংলাদেশী মূলৰ মিঞাঁবিলাকৰ মহানায়ক হোৱাত বাধা দিব লাগিব"।

তেওঁ কয় যে, আজমলে ভাৰতবৰ্ষৰ সংস্কৃতিক কুঠাৰাঘাত কৰিছে । সনাতনী সভ্যতা-সংস্কৃতিৰ সন্দৰ্ভত ইমান বিৰূপ মন্তব্য আগবঢ়াইছে যে ই অসমীয়া জাতিটোক আঘাত কৰিছে । ইয়াৰ ওপৰিও মন্ত্ৰীগৰাকীয়ে কয় যে, "অতি দুখজনক বিষয়টো হ'ল যে, অসমৰ পৰা বাংলাদেশীমূলৰ মানুহৰ দ্বাৰা হোৱা জনবিষ্ফোৰণৰ বাবেই আজমলৰ নিচিনা মানুহক অসমৰ সাংসদ হিচাপে পাইছোঁ ।"