অসম

ফুলৰ পৰিৱৰ্তে গছপুলি উপহাৰ দিয়ক : জ্ঞান মহোৎসৱত যাদৱ পায়েং

Asomiya Pratidin

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত সোমবাৰৰ পৰা আৰম্ভ হোৱা আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱক লৈ আজিও উদুলি মুদুলি হৈ পৰিছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদ ।মঙলবাৰে আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত কমেও দহটা বিষয়ৰ ওপৰত কৰ্মশালা অনুষ্ঠিত হৈছে । কৃষি , স্বাস্থ্য , গুণগত শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা , মানৱ অধিকাৰ , শিশুৰ অধিকাৰ আৰু সুৰক্ষা , মিডিয়া আৰু যোগাযোগ , কলা আৰু সংস্কৃতি আদিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত কৰ্মশালা অনুষ্ঠিত হয় ।

প্ৰতিখন কৰ্মশালাতে দেশ বিদেশৰ বিভিন্ন সমল ব্যাক্তিয়ে অংশগ্ৰহণ কৰে । বিটিচি প্ৰধান প্ৰমোদ বড়োৱে আজিও আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত অংশ লৈ কয় যে জ্ঞানবৰ্ধক সমাজ গঢ়াৰ বাবে , শিক্ষিত সমাজ গঢ়াৰ বাবে, বুদ্ধিদীপ্ত সমাজ গঢ়াৰ বাবে নৱজাগৰণৰ সৃষ্টি হৈছে । ইমান বছৰে আমি ৰাস্তাত ধৰ্ণা দিয়া , আমৰণ অনশন কৰা , অস্ত্ৰ লৈ আন্দোলন কৰা দেখিছিলো। তেতিয়াই অনুভৱ হৈছিল কেনেকৈ বিশ্বৰ লগত খোজত খোজ মিলাই আগবাঢ়িব পাৰো ।

আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা গৱেষক , সমল ব্যাক্তিসকল আহিল । এয়াই হ'ল সেইটো ৰাস্তা যি পথেৰে আমি বিশ্বৰ সতে খোজ মিলাব পাৰো । মুখ্যমন্ত্ৰীয়ে যি বৌদ্ধিক সমাজ গঢ় দিয়াৰ কথা কৈছে সেয়া আমি গুৰুত্ব দিব লাগিব আৰু মুখ্যমন্ত্ৰীৰ সপোন বাস্তৱত ৰূপ দিবলৈ আমি বন্ধপৰিকৰ বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাৰত বিশ্বগুৰু হোৱাৰ যি সপোন সেয়া বাস্তৱত ৰূপায়ন কৰিবলৈ আমি আগবাঢ়িব লাগিব ।

ইপিনে আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত টাইৱানৰ গৱেষক মুনিয়া শ্বেন উপস্থিত থাকি জ্ঞান মহোৎসৱৰ প্ৰশংসা কৰি বড়োলেণ্ডৰ পৰিৱেশ টাইৱানৰ সতে বহুখিনি একে বুলি মন্তব্য কৰে । জ্ঞান মহোৎসৱে সমাজলৈ ভাল বাৰ্তা কঢ়িয়াই আনিব বুলিও আশা প্ৰকাশ কৰিছে টাইৱানৰ গৱেষক মুনিয়া শ্বেনে ।

আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ বিশিষ্ট পৰিৱেশবিদ যাদৱ পায়েঙে অংশগ্ৰহণ কৰি পৰিৱেশৰ ভাৰসাম্যতা বৰ্তাই ৰাখিবলৈ আহ্বান জনায় । প্ৰকৃতিয়ে প্ৰকৃতিৰ কাম কৰিব বুলি মন্তব্য কৰি খালী থকা ঠাইসমুহত গছপুলি ৰোপন কৰিবলৈ আহ্বান জনায় । ফুল এটা চিঙি উপহাৰ দিয়াতকৈ গছপুলি এডাল উপহাৰ দিয়াটো বেছি ফলপ্ৰসূ বুলি মন্তব্য কৰি যাদৱ পায়েঙে ঘৰ , বিদ্যালয় , কলেজ , উদ্যোগ আদি নিৰ্মান কৰোতে গছ কাটি নিৰ্মান কৰাৰ সলনি উৰ্ধমুখী হিচাপে অৰ্থাৎ কেবামহলীয়া বিল্ডিং নিৰ্মান কৰিবলৈ আহ্বান জনাইছে ।

আনহাতে বিটিচিৰ সমাজ কল্যান বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ প্ৰমোদ বড়োৰ এক প্ৰশংসনীয় পদক্ষেপ বুলি মন্তব্য কৰি আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱে মানৱ সম্পদ উন্নয়নত সহায়ক হ'ব বুলি উল্লেখ কৰে । আজি ২০০০ অংগনবাদী কৰ্মী আৰু আশাকৰ্মীক লৈ ৰোগনিৰ্মুল আৰু পুষ্ঠিক লৈ এক কৰ্মশালা অনুষ্ঠিত হয় য'ত কেবাগৰাকী অভিজ্ঞ সমল ব্যাক্তিয়ে অংগনবাদী কৰ্মী আৰু আশাকৰ্মীক নিদিষ্ট বিষয়ৰ ওপৰত জ্ঞান প্ৰদান কৰে ।

উল্লেখ্য যে কাইলৈও বিভিন্ন বিষয়ৰ ওপৰত কৰ্মশালা অনুষ্ঠিত হ'ব আৰু অহা দুই মাৰ্চত অনুষ্ঠিত হ'ব সামৰণি অনুষ্ঠানত বলিউডৰ বিখ্যাত অভিনেতা চনু চুড , ৰাজ্যিক মন্ত্ৰী ড: ৰাজকুমাৰ ৰঞ্জন সিং , চিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰিব।