অসম

জয়পুৰ আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱত ইন্দ্ৰানী বৰুৱা প্ৰথম খন গল্প সংকলন মুকলি...

Asomiya Pratidin

ডিজিটেল সংবাদ : আন্তৰাষ্ট্ৰীয় খ্যাতসম্পন্ন জয়পুৰ সাহিত্য মহোৎসৱত ২৩ জানুৱাৰী তাৰিখে অসমৰ এগৰাকী সুদক্ষ আৰক্ষী বিষয়া আই পি এছ ইন্দ্ৰানী বৰুৱাৰ প্ৰথম খন গল্প সংকলন The Homecoming and Other stories শীৰ্ষক গ্ৰন্থ খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়।

উল্লেখযোগ্য যে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য প্ৰদৰ্শন বুলি অভিহিত কৰা এই মহোৎসৱ লৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট লেখক লেখিকা, প্ৰকাশক তথা গ্ৰন্থ প্ৰেমী ৰ আগমণ ঘটে। এইবাৰো অসমৰ বহুকেইগৰাকী লেখক লেখিকা ই ইয়াত প্ৰাধান্য বিস্তাৰ কৰিছে।

অসমৰ প্ৰশাসনিক ক্ষেত্ৰ খনত অহৰহ সেৱা আগবঢ়ায় থকা একগৰাকি সুদক্ষ আৰক্ষী বিষয়া ইন্দ্ৰানী বৰুৱাৰ প্ৰথম খন গল্প পুথি উক্ত অনুষ্ঠানত মুকলি কৰা হয়। গ্ৰন্থ খনত সন্নিবিষ্ট কৰা হৈছে আৰক্ষী বিষয়া গৰকিয়ে কৰ্মজীৱনত প্ৰত্যক্ষ্য কৰা বিভিন্ন ঘটনা পৰিঘটনা বিস্তৃত কাহিনী।

গ্ৰন্থ খনত অপৰাধ জগতৰ বহু জীৱন গাথা সম্বন্ধিত যদিও কাহিনী সমূহত কাল্পনিক বৰ্ণনাৰ উৰ্ধত মানৱতাবোধৰ গভীৰ নিৰীক্ষণৰে একো একোটা চৰিত্ৰ প্ৰাণৱন্ত কৰি তোলাৰ প্ৰয়াস কৰিছে লেখিকাগৰাকীয়ে । কৰ্ম সূত্ৰে দেশে বিদেশে ভ্ৰমণত অৱস্থাত নিজে সন্মুখীন হোৱা পৰিস্থিতিৰ আলম লৈ বিশেষকৈ উত্তৰ পূৰ্ব ৰ বিভিন্ন ঘটনা ৰাজিৰে অনুপ্ৰাণিত হৈ বিবিধ বিষয়বস্তু সামৰি গল্প ৰূপ দিছে লেখিকা গৰাকীয়ে।

আনহাতে এই সৰ্ববৃহৎ সাহিত্য মহোৎসৱ ত উক্ত গ্ৰন্থ খন উদ্বোধনী অনুষ্ঠানৰ শোভা বৰ্ধন কৰে প্ৰসিদ্ধ কবি, সাংবাদিক আৰু অনুবাদক অনুপমা ৰাজে । ২৭ টা চুটি গল্প সমাহাৰেৰে ৰূপা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ১৯৬ পৃষ্ঠা সম্বলিত গ্ৰন্থ খন পাঠক সমাজে নিশ্চয় অন্য এক সোৱাদ লাভ কৰিব বুলি আশা ব্যক্ত কৰিছে।