চিৰাং আৰক্ষীয়ে আটক কৰিলে আই পি এলৰ জুৱাৰী...
চিৰাং আৰক্ষীয়ে আটক কৰিলে আই পি এলৰ জুৱাৰী...  
অসম

চিৰাং আৰক্ষীয়ে আটক কৰিলে আই পি এলৰ জুৱাৰী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশত এতিয়া আই পি এলৰ জ্বৰ। আই পি এলৰ মাজতেই দেশজুৰি বৃদ্ধি পাইছে জুৱা খেলৰ সংখ্যা। অসমো ইয়াৰ ব্যতিক্ৰম নহয়।

পূৰ্বৰ দৰে এইবাৰো আই পি এলৰ সমান্তৰালকৈ চলি আছে আই পি এল জুৱা। চিৰাঙৰ বিজনীত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে তেনে এটা জুৱাৰীক।

চিৰাঙৰ পানবাৰী আৰক্ষীয়ে অভিযান চলাই ২নং বিষ্ণুপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে এই জুৱাৰীটোক। ধৃত জুৱাৰীটোৰ নাম বিবেক ভট্টাচাৰ্য। আৰক্ষীয়ে তেওঁৰ পৰা জব্দ কৰিছে নগদ ১৫০০ টকা আৰু এটা মোবাইল।