বিধায়ক হিচাপে মই একেবাৰে সুখী নহয়, আগৰ দিনবোৰ ভাল আছিলঃ অখিল গগৈ
বিধায়ক হিচাপে মই একেবাৰে সুখী নহয়, আগৰ দিনবোৰ ভাল আছিলঃ অখিল গগৈ 
অসম

বিধায়ক হিচাপে মই একেবাৰে সুখী নহয়, আগৰ দিনবোৰ ভাল আছিলঃ অখিল গগৈ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিধায়ক হিচাপে সুখী নহয় ৰাইজৰ দলৰ নেতা অখিল গগৈ। দেওবাৰে সংবাদ মাধ্যমৰ আগত মত বিনিময় কৰি তেওঁ কয় যে আগৰ দিনবোৰ তুলনা কৰি চালে বিধায়ক হিচাপে তেওঁ সুখী নহয়। বিধায়ক হোৱাৰ পূৰ্বে তেওঁ জনতাৰ সমস্যাবোৰ তেওঁ প্ৰত্যক্ষ আৰু শক্তশালী হিচাপে তুলি ধৰিব পাৰিছিল।

গগৈয়ে লগতে কয় যে তেওঁ চৰকাৰৰ সকলো "জনবিৰোধী" সিদ্ধান্তৰ সমালোচনা আৰু প্ৰতিবাদ কৰি আহিছে। আৰু অকলেই তেওঁ বিৰোধীৰ ভূমিকা পালন কৰি আছে । কিয়নো আন বিৰোধী দল সমূহ নীৰৱ হৈ আছে।

তেওঁ কয়, "বিধায়কৰ এই পদত মই সুখী নহয়। মই এজন সমাজকৰ্মী। মই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিটো জনবিৰোধী নীতিৰ বিৰোধিতা কৰি আহিছো''। যেতিয়া মই বিধায়ক নাছিলো তেতিয়া বেছি সুখী আছিলো আৰু ৰাইজৰ সমস্যাবোৰ তুলি ধৰিবলৈ সক্ষম হৈছিলো''।

গগৈয়ে কয়, ''অসম বিধানসভাত মইয়ে এগৰাকী বিধায়ক যিয়ে বিজেপিৰ বিৰোধিতা কৰি আহিছো। বিধান সভাত ৫১ জন বিৰোধী বিধায়ক আছে। কিন্তু তাৰে একাংশই ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিৰ বাবে ভোটদান কৰিছে''।