অসম

নুমলীগড়ৰ কালিয়নী নদীত অবৈধ খনন

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড়ৰ ১ নং ৰংবংৰ কালিয়নী নদীত অবৈধ খননে গাওঁখনৰ কৃষক ৰাইজৰ জীৱন - জীৱিকাৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷ এক্সকেভেটৰ, ফকলেনৰ দ্বাৰা দৈনিক নদীৰ বুকুত শিল-বালি খননৰ ফলত খেতিৰ ফচলসহ বিঘাই বিঘাই মাটি যাহ গৈছে নদীৰ বুকুত ৷

ইয়াৰ ফলত মূৰে কপালে হাত দিছে ভুক্তভোগী কৃষক ৰাইজে ৷ কৃষক চন্দা গঁড়, লীলাবতী কুৰ্মীয়ে জনোৱা অনুসৰি, এক্সকেভেটৰ লগাই খান্দি বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত বছৰি বহু গৰু-ছাগলী গাঁতত পৰি মৃত্যু মুখত পৰে। একেদৰে বালি মাফিয়া গাড়ীৰ দৌৰাত্ম্যৰ বাবে পথত খোজকাঢ়ি যোৱাটোও ভয় লগা হৈছে ।

তীব্ৰবেগী ডাম্পাৰে পথ এৰি দিব নিবিচাৰে বুলিও অভিযোগ কৰে। বালি মাফিয়াই চলাইছে কালিয়নী নদীৰ বুকু উদং কৰি চলাইছে খনন। এই খননৰ ফলত ১ নং ৰংবঙৰ কৃষিজীৱী ৰাইজ চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে ৷ অসম চৰকাৰৰ বন বিভাগক নদীখন ৰক্ষা কৰি কৃষিজীৱী ৰাইজক সকাহ দিয়াৰ দাবী জনাইছে ৷ কাৰ্বিআংলং ৰংবংঘাটত এই অবৈধ খননৰ ফলত বৃহৎ অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতিও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷