অসম

কাজিৰঙাত পাহাৰ খননৰ অঘোষিত প্ৰতিযোগিতা...

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙাত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি চলিছে সেউজীয়া পাহাৰ ধ্বংসৰ অঘোষিত প্ৰতিযোগিতা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি পাহাৰত নিৰ্মমভাৱে চলিছে জেচিবি,ফকলেণ্ডৰ হাতোৰা।

যাৰ ফলত ক্ৰমাৎ নিশেষ হোৱাৰ পথত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজীৱৰ বাবে প্ৰাকৃতিক হাইলেণ্ডৰ ভূমিকা পালন কৰা কাৰ্বি পাহাৰ। শেহতীয়াকৈ কাজিৰঙাৰ গেলেকী, মিকিগাওঁ অঞ্চলৰ পাহাৰত অবাধে চলিছে পাহাৰ খনন।

উল্লেখ্যে যে, ২০১৯ চনৰ ১২ এপ্ৰিলৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কাৰ্বি পাহাৰত সকলো ধৰণৰ খননত নিষেধাজ্ঞা জাৰি কৰা হৈছিল। কিন্তু তৎসত্বেও একাংশ অসাধু ব্যৱসায়ীয়ে কেৱলমাত্ৰ ধনৰ লালসাত বিপজ্জনক ভাৱে পাহাৰ খনন অব্যাহত ৰাখিছে।