অসম

ৰঙিয়াত পৱিত্ৰ ঈদ-উল-ফিতৰ পালন

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙিয়া : সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াৰ ঈদগাহ ময়দানতো পৱিত্ৰ ৰমজান ঈদ উপলক্ষে সমূহীয়া নামাজ পঢ়া হয়। বৃহস্পতিবাৰে পুৱা ৰঙিয়া জামে মছজিদৰ ঈদগাহ ময়দানত প্ৰায় ৫ সহস্ৰাধিক লোকে আদায় কৰে ঈদৰ সমূহীয়া নামাজ।

চহৰখনৰ বিভিন্ন অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে জামে মছজিদৰ ঈদগাহ ময়দানত নামাজৰ পিছতে দোৱাৰ মাধ্যমৰে বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰে।

দোৱাৰ পিছতে ইছলাম ধৰ্মাৱলম্বী এজনে কয় যে, ইছলাম হৈছে শান্তিৰ ধৰ্ম, আমি আজিৰ দিনটোত বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰোঁ আৰু আমি আজি এই ঈদগাহ ময়দানৰ পৰা প্ৰতিশ্ৰুতি বদ্ধ হও যে, আমি সকলো ধৰ্ম ভাষা জাতি সকলোৱে মিলি জুলি একেলগে চলিম। নামাজ আৰু দোৱাৰ মাধ্যমৰে সমগ্ৰ বিশ্ব তথা ভাৰতবৰ্ষৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰা হয়।