অসম

ওদালগুৰিত সদৌ অসম ভিত্তিত হোলীগীত প্ৰতিযোগিতা

Asomiya Pratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি স্থানীয় ছহিদ ভৱনৰ বাকৰিত সদৌ অসম ভিত্তিত হোলীগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰে‌। ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হোলীৰ দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাৰ অন্তত পুৰস্কাৰসমূহ ঘোষণা কৰে‌। সেই অনুসৰি জীপালৰোড হোলী দলে প্ৰথম, ধ্ৰুপদী হোলী দলে দ্বিতীয়, গৰখীয়া হোলী দলে তৃতীয় আৰু আবিৰৰ ৰং হোলী দলে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয়।

প্ৰাক্তন ছাত্ৰনেতা ডালিম বায়নে শুভাৰম্ভ কৰা প্ৰতিযোগিতাখনিত বহু লোকে অংশগ্ৰহণ কৰে। নতুন প্ৰজন্মৰ মাজত হোলীৰ পৰম্পৰা জীপাল কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী হাতত লোৱা বুলি সংগঠনটোৰ নেতৃত্বই প্ৰকাশ কৰে। আজিৰ কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বিতোপন দাস, জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰী, আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অৰ্ণৱজান ওজা, সাধাৰণ সম্পাদক বিকাশ দাসকে প্ৰমূখ্য কৰি সংগঠনটোৰ ন-পুৰণি ছাত্ৰকৰ্মীসকল উপস্থিত থাকে।

ইফালে বৃহস্পতিবাৰে বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি ওদালগুৰিত সুৱেৰী উৎসৱ তথা ফাকু খেলা উৎসৱ পালন কৰা হ'ব। বিগত বৰ্ষবোৰত সুৱেৰীৰ দিনটোত জিলা প্ৰশাসনে স্থানীয় বন্ধ ঘোষণা কৰে যদিও এইবেলি সুৱেৰীৰ আগদিনা জিলা প্ৰশাসনে স্থানীয় বন্ধ ঘোষণা কৰাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰো সৃষ্টি হয় বুলি জানিবলৈ দিয়ে।