হোজাই

উপহাৰ লোৱাৰ পৰিৱৰ্তে কবি শহুৰৰ ন-বোৱাৰীয়ে অতিথিক দিলে বিয়াত উন্মোচিত গ্ৰন্থ

Asomiya Pratidin

ডিজিটেল সংবাদ, হোজাই: হোজাই জিলাত সম্পন্ন হৈ গ'ল এখন অগতানুগতিক বিবাহ। কবি পিতৃৰ পুত্ৰৰ বিবাহ অনুষ্ঠানত ন-বোৱাৰীয়ে উন্মোচন কৰিলে শহুৰে ৰচনা কৰা কবিতাপুথি। উপহাৰ লোৱাৰ বিপৰীতে নৱদম্পতিয়ে অতিথিসকলক ওলোটাই দিলে একোখনকৈ কিতাপ।

হোজাই জিলাৰ কাৰ্বি আংলংৰ সীমান্তৱৰ্তী বৰহাওৰৰত সম্পন্ন হৈ যায় এই অগতানুগতিক বিয়াখন। নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত স্নাতকোত্তৰ শিক্ষক তথা বিশিষ্ট কবি সাহিত্যিক মোস্তুফা আহমেদৰ ১৫ সংখ্যক কাব্যগ্ৰন্থ "ক্ষুৰধাৰ" উন্মোচন কৰা হয় পূত্ৰ ড০ মবৰুৰ আহমেদৰ বিবাহৰ অভ্যৰ্থনাস্থলীত।

নলবাৰীৰ মহেন্দ্ৰ নাৰায়ন চৌধুৰী বালিকা বিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ মবৰুৰ আহমেদৰ বিবাহৰ অভ্যৰ্থনাস্থলীত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ন-বোৱাৰী তথা ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড০ জেছমিন আহমেদে। সাম্প্ৰতিক সময়ত ৰাজ্য তথা দেশত চলি থকা অন্যায়, অসমতাক ব্যংগাত্মক ৰূপত দুইশৰীয়া কবিতাৰ মাজেৰে গ্ৰন্থখনত উপস্থাপন কৰা হৈছে।