হোজাই

লামডিঙত প্ৰচণ্ড শিলাবৃষ্টি: ব্যাহত যাতায়ত-বিদ্যুতৰ সেৱা...

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিং : লামডিঙত প্ৰচণ্ড শিলাবৃষ্টি। হঠাৎ অহা এজাক প্ৰচণ্ড ধুমুহা, শিলাবৃষ্টিৰ ফলত লামডিঙৰ বিভিন্ন অঞ্চলত গছ-গছনি ভাঙি পৰে । তদুপৰি ধুমুহাৰ ফলত বিভিন্ন অঞ্চলৰ বহু বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হয়।

ধুমুহাত লামডিং নিউকলোনীত বিদ্যুতৰ খুঁটা ভাঙি বিচ্ছিন্ন হৈ পৰে বিদ্যুতৰ সংযোগ। এখন দোকানৰ ওপৰত পৰা বিদ্যুতৰ খুঁটাই দোকানখনৰো ক্ষতি সাধন কৰে ৷ তদুপৰি পথৰ ওপৰতে গছ বাগৰি পৰাত যাতায়তো বিঘ্নিত হৈছে বহু অঞ্চলত। মানুহৰ ঘৰৰ ওপৰতো গছ ভাঙি পৰাৰ বাবে বহুলোকৰ অনিষ্ট হোৱাৰ খবৰ আহি পৰিছে ৷ ইয়াৰোপৰি শাক-পাচলিৰ খেতিৰো বিনষ্ট হোৱাৰ পৰিলক্ষিত হৈছে।

আনফালে এই শিল-বৰষুণজাকত লামডিং ৰেলৱে স্কুলৰ সীমাৰ ভিতৰত থকা প্ৰকাণ্ড এডাল গছ ভাঙি পৰে ৷ গছজোপা বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত পৰাত লামডিঙৰ বহু অঞ্চলৰ বিদ্যুৎ সেৱা বন্ধ হৈ পৰিছে ।