শিশু নিৰ্যাতনকাৰী প্ৰাক্তন মন্ত্ৰীক জেললৈঃ পত্নীক আৰক্ষী জিম্মালৈ প্ৰেৰণ...
শিশু নিৰ্যাতনকাৰী প্ৰাক্তন মন্ত্ৰীক জেললৈঃ পত্নীক আৰক্ষী জিম্মালৈ প্ৰেৰণ... 
হোজাই

শিশু নিৰ্যাতনকাৰী প্ৰাক্তন মন্ত্ৰীক জেললৈঃ পত্নীক আৰক্ষী জিম্মালৈ প্ৰেৰণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শিশু নিৰ্যাতন কৰাৰ অভিযোগত হোজাই আৰক্ষী অধীক্ষকে শুকুৰবাৰে আটক কৰা প্ৰাক্তন মন্ত্ৰী আৰু তেওঁৰ পত্নী সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰে। এই সংবাদ মেলতে আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে, শিশু নিৰ্যাতনত লিপ্ত হোৱা প্ৰাক্তন মন্ত্ৰী হাজী আব্দুৰ ৰোফ চোধুৰীৰ পত্নীৰ বিৰুদ্ধে হোজাই আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰোৱাই।

তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰটোৰ নম্বৰ ৩০০/২৩। আৰক্ষীয়ে শিশু নিৰ্যাতনত লিপ্ত হোৱা প্ৰাক্তন মন্ত্ৰীগৰাকীৰ লগতে তেওঁৰ পত্নী ফাৰহানা বেগমক দুদিনৰ বাবে নিজৰ জিম্মাত বিচাৰি আৱেদন কৰিছিল।

অৱশ্যে আৰক্ষীয়ে ফাৰহানা বেগমক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে যদিও প্ৰাক্তনমন্ত্ৰী আব্দুল ৰোফ হাজিক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে, আব্দুৰ ৰোফ হাজিৰ সন্মুখতে তেওঁৰ পত্নীয়ে এটি শিশুক অকথ্য শাৰীৰিক নিৰ্যাতন চলোৱাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

ইয়াৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি শিশু নিৰ্যাতনকাৰীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন হৈছিল। তাৰ মাজতে ঘটনা সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন, হোজাই সমিতিয়ে ডবকা আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিছিল।