লামডিঙত আবদ্ধ শিলচৰৰ যাত্ৰীঃ বাছ ভাড়া কৰি পঠিয়ালে ৰে'ল বিভাগে, বহুতে দিব নোৱাৰিলে ভোট...
লামডিঙত আবদ্ধ শিলচৰৰ যাত্ৰীঃ বাছ ভাড়া কৰি পঠিয়ালে ৰে'ল বিভাগে, বহুতে দিব নোৱাৰিলে ভোট... 
হোজাই

লামডিঙত আবদ্ধ শিলচৰৰ যাত্ৰীঃ বাছ ভাড়া কৰি পঠিয়ালে ৰে'ল বিভাগে, বহুতে দিব নোৱাৰিলে ভোট...

Asomiya Pratidin

ডিজিটেল সংবাদ লামডিংঃ বৃহস্পতিবাৰে হাফলঙত সংঘটিত হোৱা মালবাহী ৰে'ল লাইনচ্যুত হৈ পৰাৰ ফলত লামডিঙত আবদ্ধ হৈ পৰে ৰে'ল যাত্ৰীসকল। উল্লেখ্য যে, এই দুৰ্ঘটনাৰ ফলত ১২৫০৩ বেংগালুৰুৰ পৰা আগৰতলা এক্সপ্ৰেছ আৰু ১৫৬১১ ৰঙিয়া পৰা শিলচৰ অভিমুখে যোৱা দুয়োখন ৰে'ল আবদ্ধ হৈ পৰে।

ইফালে আজি অসমৰ যি ৫ টা লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে তাৰ ভিতৰত আছে শিলচৰ আৰু কৰিমগঞ্জ লোকসভা সমষ্টি। এই দুয়োটা সমষ্টিৰ বহু সংখ্যক ভোটাৰ ৰঙিয়াৰ পৰা শিলচৰলৈ যোৱা ৰে'লত আবদ্ধ হৈ পৰাৰ লগতে লামডিং ৰে'ল ষ্টেচনত আৱদ্ধ হৈ পৰে।

ইফালে দুৰ্ঘটনাৰ ১৫ ঘণ্টাৰ পাছত আজি ৰে'ল যাত্ৰীসকলক গন্তব্যস্থানৰ দিশে লৈ যোৱাৰ ব্যৱস্থা কৰে ৰে'ল বিভাগে। দুয়োখন ৰে'লতে আৱদ্ধ হৈ থকাা যাত্ৰীসকলক বিনামূলীয়াকৈ ৰে'লৰ পৰিৱৰ্তে বাছেৰে লৈ যায় ৰে'ল বিভাগে।

ইফালে আন একাংশ ভুক্তভোগী ৰে'ল যাত্ৰীয়ে নিজৰ পকেটৰ ধন ব্যয় কৰিয়েই ব্যক্তিগত বাহনেৰে শিলচৰ অভিমুখে যাত্ৰা কৰে। সমান্তৰালকৈ ৰে'ল বিভাগৰ গাফিলতিৰ বাবেই ভোটদানৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি একাংশ যাত্ৰীয়ে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা বুলি মন্তব্য কৰিলে সংবাদ মাধ্যমৰ আগত।

ভোটধিকাৰ সাব্যস্ত কৰিব নোৱাৰা এই যাত্ৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হোৱাও পৰিলক্ষিত হ'ল। অৱশ্যে পৰিস্থিতি জটিল নহ'বলৈ লামডিং জংছনত ৰে'ল বিষয়াৰ লগতে হোজাই আৰক্ষী প্ৰসাশনো উপস্থিত হয় সকলো দিশ তদাৰক কৰে।