ৰাজ্যত অব্যাহত ৰে'লৰ জৰিয়তে বাৰ্মিজ চুপাৰীৰ সৰবৰাহঃ লামডিঙত জব্দ ৭১৫ কেজি
ৰাজ্যত অব্যাহত ৰে'লৰ জৰিয়তে বাৰ্মিজ চুপাৰীৰ সৰবৰাহঃ লামডিঙত জব্দ ৭১৫ কেজি 
হোজাই

ৰাজ্যত অব্যাহত ৰে'লৰ জৰিয়তে বাৰ্মিজ চুপাৰীৰ সৰবৰাহঃ লামডিঙত জব্দ ৭১৫ কেজি

Asomiya Pratidin

ডিজিটেল সংবাদ লামডিংঃ ৰাজ্যত অব্যাহত আছে ৰে'লৰ জৰিয়তে অবৈধ সামগ্ৰীৰ সৰবৰাহ। মঙ্গলবাৰে পুনৰ লামডিং ৰে'লৱে ষ্টেচনত উদ্ধাৰ কৰা হৈছে বাৰ্মিজ চুপাৰী।

উল্লেখ্য যে, পূৰ্বেও বিভিন্ন সময়ত লামডিং ৰে'লৱে ষ্টেচনকে ধৰি বিভিন্ন স্থানত ৰে'লৰ পৰা উদ্ধাৰ কৰা হৈছিল বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী। মঙ্গলবাৰে পুনৰ লামডিঙত ৭০০ কেজিৰো অধিক বাৰ্মিজ চুপাৰী জব্দ কৰাৰ পাছকে ৰে'লৰ জৰিয়তে এই অবৈধ কাৰোবাৰ যে অব্যাহত আছে তাক পুনৰবাৰ প্ৰমাণ কৰিলে।

আজি জব্দ কৰা বাৰ্মিজ চুপাৰীখিনি ডিমাপুৰৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহৰ চেষ্টা চলাইছিল। তাৰ মাজতে লামডিঙত নামনিমুৱা ১৫৯০৯ অবধ আছাম এক্সপ্ৰেছখনৰ শীত তাৰ নিয়ন্ত্ৰিত ডবা বি৭ আৰু বি৮ ৰ পৰা জি আৰ পিয়ে মুঠ ১৫ টা বস্তাৰ পৰা ৭১৫ কেজি সন্দেহজনক বাৰ্মিজ চুপাৰী জব্দ কৰে।

জি আৰ পিয়ে প্ৰকাশ কৰা মতে জব্দ কৰা চুপাৰীখিনিৰ আনুমানিক বজাৰ মূল্য কেইবালাখ টকা। অৱশ্যে এই চুপাৰীখিনি কোনে কঢ়িয়াই আনিছিল সেই বিষয়ে জানিব পৰা হোৱা নাই। জি আৰ পিয়ে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই। এই বিষয়ে অধিক তদন্ত হ'লহে ইয়াৰ সৈতে জড়িতসকলক চিনাক্ত কৰিব পৰা যাব।