batadrava
batadrava 
অসম

ঐতিহ্যমণ্ডিত কুজি সত্ৰত পোন প্ৰথমবাৰৰ বাবে উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বিকাশৰ বাবে এটা পষেক কাৰ্য্যসূচীৰ অধীনত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁও জিলাত চিকিৎসা মহাবিদ্যালয়, মিনি ষ্টেডিয়াম, মথাউৰিৰ ওপৰত পথ, ব্ৰহ্মপুত্ৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা আদি মুঠ ৯১০১৭. ৯৯৪ লাখ টকা ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, ভূমি পূজন আদি কাৰ্য্যসূচীৰ অন্তত বিয়লি ৩ বজাত বটদ্ৰৱা থানৰ দক্ষিণ দিশত অৱস্থিত মৰিগাঁও জিলাৰ ঐতিহ্যমণ্ডিত কুজি সত্ৰত উপস্থিত হয়।

কুজি সত্ৰত উপস্থিত হৈ কেন্দ্ৰীয় বিশেষ পুঁজিৰ দ্বাৰা ২৪ লাখ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি কুজি সত্ৰৰ শিল্পকলা তথা প্ৰাচীন সম্পদ সংগ্ৰহালয় আৰু ২০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অতিথিশালাৰ দ্বাৰ মুকলি কৰে।

পৰৱৰ্তী সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান উদ্ধাৰ কাহিনীৰ লগত জড়িত ঐতিহ্যমণ্ডিত ৩৭২ বছৰীয়া কৰ্দৈ বৃক্ষ দৰ্শন কৰি সত্ৰৰ নামঘৰত ভকত বৈষ্ণৱৰ লগত মত বিনিময় কৰে। মুখ্যমন্ত্ৰীৰ লগত মন্ত্ৰী পিযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, কেশৱ মহন্ত, বিধায়ক ৰমাকান্ত দেউৰী, শিৱামনি বৰা উপস্থিত থাকে।