অসম

শংকৰী কলা কৃষ্টিৰ সাধক হৰেশ্বৰ নাথৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়া : নগাঁও জিলাৰ বেবেজীয়া নিকটৱৰ্তী জামুগুৰি সাৰ্বজনীন গৰখীয়া থানৰ সমীপৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক,শৰণাচাৰ্য,অংকীয়া ভাওনাৰ আহাৰ্যৰ নিৰ্মাতা তথা শংকৰী কলা কৃষ্টিৰ সাধক হৰেশ্বৰ নাথৰ শনিবাৰে পুৱা নিজা বাসভৱনত পৰলোক প্ৰাপ্তি হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ।

তেওঁ বিগত কিছুদিন ধৰি অসুস্থ হৈ ঘৰতে চিকিৎসাধীন হৈ আছিল। সাৰ্বজনীন গৰখীয়া থানৰ প্ৰাক্তন নামঘৰীয়া নাথে চমুৱাগাঁও প্ৰাথমিক বিদ্যালয়ত সুদীৰ্ঘ কাল শিক্ষকতা কৰাৰ পিচত ২০০০ বৰ্ষত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।

ছাত্ৰ অৱস্থাতে তেওঁ অংকীয়া ভাওনাৰ আহাৰ্যৰ প্ৰশিক্ষণলৈ মাজ জামুগুৰিত লক্ষী ভাণ্ডাৰ নামৰে ভাওনাৰ আহাৰ্য তথা সাজ-পোচাকৰ শিল্প প্ৰতিষ্ঠান আৰম্ভ কৰে। তেওঁ ভাওনাত সূত্ৰধাৰৰ অভিনয়ত অভিনয় কৰি সকলোকে মোহাচ্ছন্ন কৰি ৰাখিছিল।

মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে দুজন পুত্ৰ-বোৱাৰী আৰু দুগৰাকী বিবাহিতা জীয়ৰীক ইহসংসাৰত এৰিথৈ গৈছে। নাথৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে বিভিন্ন দল সংগঠনৰ লগতে সাৰ্বজনীন গৰখীয়া থানৰ বিষয় ববীয়াসকলে তেওঁৰ নশ্বৰ দেহত পুস্পাঞ্জলী অৰ্পন কৰে। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।