১০ জানুৱাৰীত কামৰূপ মহানগৰত অৰ্ধ ছুটী..
১০ জানুৱাৰীত কামৰূপ মহানগৰত অৰ্ধ ছুটী.. 
অসম

১০ জানুৱাৰীত কামৰূপ মহানগৰত অৰ্ধ ছুটী..

Asomiya Pratidin

ডিজিটেল ডেস্ক: সমগ্ৰ গুৱাহাটী এতিয়া ক্ৰিকেটৰ জ্বৰত। মাজত মাথো আৰু এটা দিন। ভাৰত-শ্ৰীলংকাৰ মাজত আন্ত:ৰাষ্ট্ৰীয় এদিনীয়াৰ বাবে সাজু বৰ্ষাপাৰা ষ্টেডিয়াম। মঙলবাৰে বৰ্ষাপাৰাত বেট-বলৰ মহাৰণত নামিব ভাৰত-শ্ৰীলংকাৰ ক্ৰিকেট দল। ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছে টীম ইণ্ডিয়াৰ বহুকেইগৰাকী ক্ৰিকেট তাৰকা।

ঠিক তেনে সময়তে ১০ জানুৱাৰীত কামৰূপ মহানগৰত স্থানীয় অৰ্ধ ছুটীৰ ঘোষণা ৰাজ্য চৰকাৰৰ। আগন্তুক ১০ জানুৱাৰীত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ'বলগীয়া আন্ত:ৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট মেচৰ বাবেই এই অৰ্ধ ছুটীৰ ঘোষণা ৰাজ্য চৰকাৰৰ। কামৰূপ মহানগৰৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান দুপৰীয়া ১.০০ বজাৰ পৰা বন্ধ ৰাখাৰ নিৰ্দেশ প্ৰশাসনৰ।