User
User
হাইলাকান্দি

হাইলাকান্দিত উদ্ধাৰ বাৰ্মিজ চুপাৰি

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এতিয়াও ৰাজ্যত অব্যাহত আছে অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযান । এই অভিযানৰ মাজতে পাঁচগ্ৰাম আৰক্ষীয়ে পুনৰ উদ্ধাৰ কৰে বাৰ্মিজ চুপাৰি।  হাইলাকান্দিৰ পৰা জব্দ অবৈধ বাৰ্মিজ চুপাৰি । পাঁচগ্ৰাম আৰক্ষীৰ অভিযানত জব্দ ৩৩ বস্তা বাৰ্মিজ চুপাৰি।

জব্দ কৰা এই বুজন পৰিমাণৰ চুপাৰি খিনিৰ বজাৰ মূল্য প্ৰায় ৭ লাখ টকা।‌ চুবুৰীয়া ৰাজ্য মিজোৰামৰ ভৈৰৱীৰ পৰা সৰবৰাহ কৰিছিল চুপাৰিখিনি ।‌ AS 26 A 1362 নম্বৰৰ এখন ট্ৰাকৰ পৰা জব্দ কৰা হয় বাৰ্মিজ চুপাৰিখিনি।