অসম

চতিয়াত নিৰ্মাণ হোৱা গুৰু আসন নিবলৈ আহিলে আমেৰিকাৰ নিবাসী...

Asomiya Pratidin

ডিজিটেল সংবাদ জামগুৰিহাটঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰেদৱৰ আদৰ্শ প্ৰচাৰ আৰু প্ৰতিষ্ঠাৰ অৰ্থে অসমৰ পৰা সুদূৰ আমেৰিকাৰ নৰ্থ কেৰ'লিনাৰ চাৰ্লট চহৰত নিৰ্মাণ কৰা হৈছে নামঘৰ। এই নামঘৰৰ বাবেই প্ৰয়োজনীয় গুৰু আসন নিবলৈ আমেৰিকাৰ পৰা আহি উপস্থিত হ'লহি চতিয়াত। জন্মসূত্ৰে দুলীয়াজনৰ জীয়ৰী প্ৰিয়দৰ্শিনী ইন মেন। তেওঁ ইতিমধ্যে আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰি তাতেই বাস কৰি আছে।

অসমৰ জীয়ৰী এইগৰাকী প্ৰিয়দৰ্শিনী ইন মেনে চাৰ্লট চহৰত নিজেই স্থাপন কৰা সত্ৰীয়া বিদ্যালয়ত নিৰ্মাণ কৰিছে এটি নামঘৰ। এই সত্ৰীয়া বিদ্যালয়খনৰ জৰিয়তেই তেওঁ আমেৰিকাত চলাই আহিছে গুৰুজনাৰ সৃষ্টি ৰাজিৰ চৰ্চা।

তেওঁৰ এই নামঘৰত স্থাপন কৰিবৰ বাবে প্ৰয়োজনীয় গুৰু আসনখন নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰা হৈছিল চতিয়াৰ চতিয়ালচুক গাঁৱৰ ভাস্কৰ্য শিল্পী মনজিত হাজৰিকাক। হাজৰিকাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এই গুৰু আসনখন সুদূৰ আমেৰিকালৈ লৈ গৈ তাতেই প্ৰতিষ্ঠা কৰা হ'ব।

অৱশ্যে অসমৰ প্ৰায় চাৰি কুৰিৰো অধিক পৰিয়ালে বসবাস কৰা চাৰ্লট চহৰখনত মাটিৰ অভাৱত এটি স্থায়ী নামঘৰ প্ৰতিষ্ঠা কৰিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰিছে প্ৰিয়দৰ্শিনীয়ে ইন মেনে। তেওঁ আশা প্ৰকাশ কৰিছে এই গুৰু আসনৰ প্ৰতিষ্ঠাৰ জৰিয়তে আমেৰিকাত বসবাস কৰা অন্যান্য সম্প্ৰদায়ৰ লোকসকলক গুৰুজনাৰ বিশাল কৰ্মৰাজীৰ সৈতে চিনাকী কৰাই দিব পাৰিব।

ইয়াৰোপৰি তেওঁ অতি কম সময়তে এই গুৰু আসন ভাগ তৈয়াৰ কৰি উলিওৱা ভাস্কৰ্য শিল্পী মনজিত হাজৰিকালৈও কৃতজ্ঞতা প্ৰকাশ কৰিছে। আনহাতে মনজিতে হাজৰিকাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এই গুৰু আসনখন আমেৰিকালৈ লৈ যোৱাক লৈ তেওঁ আনন্দিত হৈ পৰিছে।