অসম

চিৰাঙত গুণোৎসৱৰ সফল সামৰণি

Asomiya Pratidin

ডিজিটেল সংবাদ,চিৰাং : গুণগত শিক্ষাৰ মানদণ্ড নিশ্চিত কৰাৰ লক্ষ্যেৰে অসমৰ ১৩ খন জিলাৰ লগতে চিৰাং জিলাতো চৰকাৰী বিদ্যালয়ত যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা ৪দিনীয়া গুণোৎসৱৰ শনিবাৰে সামৰণি পৰে । এইবেলি চিৰাং জিলাত ৯১৬ খন চৰকাৰী বিদ্যালয়ৰ ৭০৪২৪ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত গুণোৎসৱৰ মূল্যায়ন পৰীক্ষা অনুষ্ঠিত হয় ।

গুণোৎসৱৰ শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই অংশগ্ৰহণ কৰে। আজি গুণোৎসৱৰ অন্তিম দিনত চিৰাং জিলাৰ বাসুগাঁও চহৰস্থিত ২৪৮ নং নং বাসুগাঁও টাউন জেবি স্কুলত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে। বিদ্যালয়খনৰ দৈনন্দিন চাফাই অভিযান আৰু প্ৰাৰ্থনা কাৰ্য্যসূচীত ছাত্ৰ ছাত্ৰী সকলৰ উপৰি অভিভাৱকৰ স্বতঃস্ফূর্ত অংশগ্ৰহণে গুণোৎসৱক এক অন্য মাত্ৰা প্ৰদান কৰে।

বাসুগাঁও টাউন জে বি স্কুলৰ গুণোৎসৱৰ অন্তিম দিনত বিদ্যালয়খনত উপস্থিত থাকে চিৰাঙৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় কুমাৰ বৈষ্ণৱ । তেখেতে গুণোৎসৱৰ অন্তিম দিনত ছাত্ৰ ছাত্ৰীৰসকলৰ উপৰি অভিভাৱকসকলৰ উপস্থিতি আৰু উৎসাহ দেখি অভিভূত হৈ পৰে ।

তেখেতে কয় যে গুণগত শিক্ষাৰ দিশত পিছ পৰা জিলা চিৰাঙৰ চৰকাৰী বিদ্যালয়সমূহত যদি এই বাসুগাঁও টাউন জে বি স্কুলৰ দৰে সচেতন অভিভাৱক আগুৱাই আহে তেনেহলে আমাৰ সকলো চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ মানদণ্ড নিশ্চিতভাবে উন্নত হ'ব বুলি আশা কৰে । যোৱাবাৰ এইখন বিদ্যালয়ে গুণোৎসৱৰ মূল্যায়নত 'এ' প্লাছ পাবলৈ সক্ষম হৈছিল । এইক্ষেত্ৰত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকসকলৰ ভূমিকাও গুৰুত্বপূৰ্ণ আছিল বুলি মন্তব্য কৰে ।

ইপিনে বাসুগাঁও টাউন জে বি স্কুলৰ প্ৰধান শিক্ষক চন্দ্ৰমোহন পাটগিৰিয়ে এই গুণোৎসৱৰ মূল্যায়নত বিগত বছৰৰ দৰে এইবেলিও 'এ' প্লাছ পাবলৈ সক্ষম হব আশা প্ৰকাশ কৰে । আজি গুণোৎসৱৰ অন্তিম দিনত চিৰাং জিলাত ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিৰ হাৰ আছিল ৯২.৮ শতাংশ বুলি জিলা সমগ্ৰ শিক্ষা বিভাগৰ পৰা সদৰি কৰে।