গুণোৎসৱ
গুণোৎসৱ 
অসম

চিৰাঙৰ ৯১৬ বিদ্যালয়ক সামৰি গুণোৎসৱ

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং: গুণগত শিক্ষাৰ মানদণ্ড নিশ্চিত কৰাৰ লক্ষ্যেৰে অসমৰ ১৩ খন জিলাৰ লগতে চিৰাং জিলাতো চৰকাৰী বিদ্যালয়সমূহত বুধবাৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে । এইবেলি চিৰাং জিলাৰ চিদলী আৰু বড়োবাজাৰ শিক্ষা খণ্ডৰ অধীনস্থ প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু উচ্চ বিদ্যালয় মিলি মুঠ ৯১৬ খন শিক্ষানুষ্ঠানৰ ৭০৪২৪ গৰাকী ছাত্ৰ ছাত্ৰীক গুণোৎসৱ প্ৰক্ৰিয়াত সামৰি লোৱা হৈছে ।

দ্বিতীয় পৰ্যায়ৰ এই গুণোৎসৱৰ প্ৰাকমুহূৰ্তত প্ৰতিখন বিদ্যালয়ক চাফ চিকুণ কৰি সজাই পৰাই তোলা পৰিলক্ষিত হৈছে । ৰাতিপুৱাৰ পৰা উৎসাহিত অভিভাৱকসকলক নিজৰ নিজৰ সন্তানক লৈ শিক্ষা প্ৰতিষ্ঠানৰ আগত ভিৰ কৰা পৰিলক্ষিত হয়। আজি গুণোৎসৱৰ প্ৰথম দিনা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ দ্বাৰাই মূল্যায়ন পৰীক্ষা লোৱা হয় ।

ইপিনে গুণোৎসৱৰ মূল্যায়ন পৰীক্ষাত যি সমূহ বিদ্যালয়ে 'এ' + লাভ কৰিব সেইসমূহ বিদ্যালয়ত কৰ্মৰত টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছত চিৰাঙৰ টেট শিক্ষকসকলে সন্তুষ্টি লাভ কৰে আৰু এই ঘোষণাই গুণোৎসৱৰ মূল্যায়নত এটা যোগাত্মক দিশ হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰে ।

চিৰাং জিলাৰ আজিৰ গুণোৎসৱৰ মূল্যায়ন পৰীক্ষাৰ প্ৰথম দিনত ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ হাৰ ৯১ শতাংশ আছিল বুলি জিলা শিক্ষাবিভাগৰ পৰা প্ৰকাশ কৰে।