অসম

ডিমাপুৰত এন এছ চি এন-কে যুদ্ধবিৰতি কাৰ্যালয়ত গুলীচালনা!

Asomiya Pratidin

ডিজিটেল সংবাদ, বেকাজানঃ নগা বিদ্ৰোহী সংগঠনৰ দুই মুৰব্বী মাজত চলি থকা সংঘাতে আজি চূড়ান্ত ৰূপ লয় । ডিমাপুৰৰ থিলিচু গাঁৱত থকা যুদ্ধবিৰতি নাগা বিদ্ৰোহী এন এছ চি এন-কে (খাংগো) কাৰ্যালয়ত শনিবাৰে পুৱা প্ৰায় ৮ বজাত এক ভয়ংকৰ গুলীয়া-গুলি ঘটনা সংঘটিত হয় ।

জানিব পৰা মতে, এন এছ চি এন কেৰ পূৰ্বৰ সভাপতি খাংগো কন্যাক গোটক সাধাৰণ সম্পাদক ইছাক চুমী আৰু তেওঁৰ কেডাৰসকলে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে। সূত্ৰসমূহে জনোৱা মতে, যুদ্ধবিৰতি এন এছ চি এন কেৰ কাৰ্যালয়ৰ গেটৰ কাষত ১০ৰ পৰা ১২জন লোকৰ সৈতে আহি সাধাৰণ সম্পাদক ইছাক চুমীয়ে খাংগো কেডাৰসকলক গেট খুলিবলৈ কয়। কিন্তু কাৰ্যালয়টোৰ নিৰাপত্তাৰ দায়িত্ব থকা কেডাৰসকলে গেট খুলিবলৈ অমান্তি হয়। তদুপৰি গাঁৱৰ কেইজনমান লোকে দলটোক উভতি যাবলৈ কোৱাৰ লগে লগেই সাধাৰণ সম্পাদক ইছাক চুমী আৰু তেওঁৰ লোকসকলে গুলীচালনা কৰে। প্ৰায় ৯ৰ পৰা ১০টা মেগজিনৰ গুলী চালনা কৰে দলটোয়ে।

এই ঘটনাৰ পাছতে সেনাক লগত লৈ আৰক্ষী দল উক্ত স্থানত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে গুলীচালনা ঘটনাত কোনো লোক হতাহতিৰ হোৱাৰ খবৰ পোৱা নাই।

উল্লেখযোগ্য যে যুদ্ধ বিৰতিৰ আওতাত নগা এন এছ চি এন খাংগো গোটৰ দলীয় অনুশাসন অনুসৰি চলিত বৰ্ষৰ ৫ জানুৱাৰীত খাংগো কন্যাকে সাধাৰণ সম্পাদক ইছাক চুমিৰ বিৰুদ্ধে সংগঠন সংবিধান বিৰোধী কাম কৰাৰ বুলি অভিযোগনামা দাখিল কৰিছিল। ইছাক চুমিৰ বিৰুদ্ধে এন এছ চি এনৰ সামূহিক নেতৃত্ব অবিহনে ক্ষমতা আৰু কাৰ্য বিতৰণ নকৰাৰ তথা য়েহজাবো (সংবিধান) আৰু অনুশাসন সম্পূৰ্ণৰূপে উলংঘা কৰা’ৰ দোষী সাব্যস্ত কৰা হৈছিল। ফলত সংগঠনৰ দুই মুৰব্বী মাজত সংঘাত চলিছিল। কিন্তু আজি হঠাৎ ইছাক চুমীয়ে তেওঁৰ সৰ্তীথ কেডাৰক লৈ যুদ্ধ বিৰতি কাৰ্যালয়ত এনেদৰে আক্ৰমণ চলালে সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই।