অসম

ৰাজহমন্ত্রীৰ সহিতে ২৫জনীয়া দলৰ পৰা কাম-কাজৰ খতিয়ান ল’লে ৰাজ্যপালে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ৰাজহ বিভাগৰ কাম-কাজৰ খতিয়ান ল’লে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই। ৰাজভৱনত ৰাজহমন্ত্রীৰ সহিতে ২৫জনীয়া এটা দলে কামৰ খতিয়ান দিয়ে ৰাজ্যপালগৰাকীক। মিছন বসুন্ধৰা আঁচনিৰ কাম-কাজৰ খতিয়ান দিয়ে মন্ত্রী যোগেন মহনে।

তদুপৰি তেওঁ দুৰ্যোগ প্রশমন বিভাগৰ কাম কাজৰো খতিয়ান লয়। বানত ক্ষতিগ্রস্ত লোকক পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰে ৰাজ্যপালগৰাকীয়ে। ভূমিহীন লোকক মাটি দিয়াৰ সন্দৰ্ভতো আলোচনা ৰাজ্যপালৰ। দুটা পৰ্যায়ত মাটিৰ পট্টা দিয়াৰ কথাও আলোচনা কৰে তেওঁ।

সমান্তৰালভাবে গুৱাহাটীত ৮০ হাজাৰ লোকৰ মাটিৰ পট্টা নথকা কথা প্ৰকাশ কৰি এইসকল লোকক কেনেদৰে মাটিৰ পট্টা দিব পাৰি সেই সন্দৰ্ভতো আলোচনা কৰে। আলোচনাৰ পাছত বন বিভাগৰ সহযোগত গুৱাহাটীৰ কিছু কিছু অঞ্চলত মাটিৰ জৰীপ চলাৰ কথা জানিবলৈ দিয়ে।

আনহাতে অসমত ৩০টা গোটে মাটিৰ জৰীপ চলাই আছে বুলিও এই আলোচনাৰ পাছত জানিব পৰা যায়। সকলো অঞ্চল জৰীপ কৰাত এইসকল লোক পৰ্যাপ্ত নহয় বুলি কৈ নতুনকৈ গোট গঠন কৰাৰো পোষকতা কৰে ৰাজ্যপালগৰাকীয়ে।

মিছন বসুন্ধৰাত ৱেবছাইটযোগে নথি-পত্র দাখিলৰ বিষয়েও বুজ লয় ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই। বসুন্ধৰা ৩.০ত সেইসকল লোকে নথি-পত্র দাখিল কৰিব পৰাকৈ সু-ব্যৱস্থা কৰাৰ পোষকতা কৰে তেওঁ।