মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা 
অসম

ভাল খবৰ, ৰাজ্যৰ ১ লাখ নিবনুৱাক ২ লাখকৈ চৰকাৰে দিব আৰ্থিক সাহাৰ্য...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীলৈ এক সুখবৰ ৷ ১ লাখ নিবনুৱাক চৰকাৰে প্ৰদান কৰিব আৰ্থিক সাহাৰ্য ৷

ৰাজ্য চৰকাৰে নিবনুৱা যুৱক-যুৱতীক সকাহ প্ৰদানৰ উদ্দেশ্যি গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ১ লাখ নিবনুৱাক ২ লাখ টকাকৈ প্ৰদান কৰাৰ হ’ব ৷ বুধবাৰে গহপুৰত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷

এক লাখ কৰ্মহীন যুৱক-যুৱতীক কৰ্ম সংস্থাপন প্ৰদানৰ উদ্দেশ্যি এই পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে ৷ বিজেপি চৰকাৰৰ এনে সিদ্ধান্তই হাজাৰ হাজাৰ নিবনুৱাৰ সংস্থাপনৰ বাট মুকলি কৰিব ৷