অসম

গল্প ২ : ৰঙাঘৰৰ আলহী

Asomiya Pratidin

- ৰাজু বনিয়া

বিবাহ পাশত আৱদ্ধ হোৱা মাথোঁ দুদিনৰ পিছতে মই মোৰ স্বামীক হত্যা কৰি আজি পাঁচবছৰে ৰঙাঘৰৰ আলহী ৷ যেতিয়া মই স্বামীৰ শিৰচ্ছেদ কৰা মূৰটো হাতত লৈ চহৰৰ ৰাজপথৰ মাজেৰে থানাৰ অভিমূখে নিঃসন্দেহে যাত্ৰা কৰিছিলোঁ ৷ ৰাজপথৰ দুয়োপাৰে থকা মানুহবোৰে মোক দেখি ভয়াতুৰ দৰে জুমি জুমি চাইছিল আৰু আন দহজনী ছোৱালীয়ে মোক দেখি হুকহুকাই কান্দিছিল, সেই দহজনী ছোৱালীৰ মাকে মোৰ সাহস দেখি চেলুত্য দিছিল,সেই দহজনী ছোৱালী দেউতাকে মোৰ সাহস দেখি লাজতে তলমূৰ কৰিছিল আৰু সেই দহজনী ছোৱালীৰ ভায়েক-ভনীয়েকবোৰে মোৰ সাহস দেখি হাত চাপৰি বজাই ফূৰ্তি কৰিছিল ৷ কিয় জানে? আজিৰপৰা সাত আঠ বছৰে সেই দহজনী ছোৱালী মোৰ স্বামীৰ কামনাৰ বলি হৈ আহিছিল ৷

তেওঁলোকে মোৰ স্বামী বিৰুদ্ধে একো কৰিব পৰা নাছিল ৷ বাৰে বাৰে আইনৰ কাষ চাপি পুনৰ আইনৰ বলি হয় তেওঁলোক ৷ কাৰণ তেওঁলোক আছিল দুখীয়া আৰু মোৰ স্বামী আছিল চহৰৰ সম্ভ্ৰান্ত ঘৰৰ টকা থকা মানুহ৷যাৰ টকায়ে নেকি আইনৰ মানুহক মুখ বন্ধ কৰি ৰাখিছিল ৷ সেইবাবে এই দুখীয়া মাক-দেউতাকৰ ছোৱালী কেইজনী প্ৰতিদিনে আনৰ কামনাৰ বলি হৈছিল ৷ কিন্ত আচৰিত কথা সিঁহতৰ দেহ বিক্ৰী পোৱা টকাৰে আইনৰ মুখ বন্ধ কৰিছিল ৷ কিন্ত সেইকথা মই বিয়াৰ আগত কোনো দিনে গম পোৱা নাছিলোঁ৷মইও তেওঁৰ মিঠা মিঠা কথাত ভুল গৈ তেওঁৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিলোঁ আৰু যেতিয়া বিয়াৰ পিছদিনা তেওঁৰ এই মহান কৰ্মৰাজী কথা গম পাইছিলোঁ ৷ মই মোৰ এই নিজ হাতেৰে তেওঁৰ নামত লোৱা সেন্দূৰখিনি মোহাৰি পেলাইছিলো ৷

মোৰ এই দৃশ্য দেখি তেওঁ মোক কৈছিল“ তু…তুমি এ…এইবোৰ কি কৰিছা?” মই হাঁহি হাঁহি উত্তৰ দিলোঁ “যি পুৰুষে দহজনী নাৰীক সন্মান কৰিব নাজানে সেই পুৰুষে এজনী নাৰীক সন্মান কৰা কোনো মূল্য নাথাকে৷” কথাষাৰ কৈ মই পকী বেৰত উলমাই থোৱা চোকা অস্ত্ৰৰে তেওঁক মই শিৰচ্ছেদ কৰিছিলোঁ আৰু তেওঁৰ শিৰচ্ছেদ কৰা মূৰটো হাতত লৈ নিথৰ দেহটো ওপৰে পাৰ হৈ মই নিসন্দেহে চহৰৰ ৰাজপথৰ মাজলৈ ওলাই গৈছিলোঁ৷কিন্ত মোৰ কি ভুল আছিল ! সমাজৰপৰা এটা দানৱক হত্যা কৰা বাবে মই আজি ৰঙাঘৰৰ আলহী ৷ বোলে মই হেনো আইন হাতত তুলি লৈছোঁ ৷ আকৌ কৈছোঁ আইনে যদি দোষীক শাস্তি নিদি নিদোৰ্ষীক ন্যায় নিদিয়ে আইন হাতত তুলি লোৱাটো আপোনাৰ মোৰ অধিকাৰ আছে ৷